
কাঠমাণ্ডু, ১৯ মাৰ্চ (হি.স.)। নিৰ্বাচন আয়োগে ৫ মাৰ্চত অনুষ্ঠিত হৈ যোৱা প্ৰতিনিধি সদনৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলক আনুষ্ঠানিকভাৱে দাখিল কৰে । ইয়াৰ ফলত দেশত নতুন চৰকাৰ গঠনৰ বাট মুকলি হয়। এতিয়া আৰম্ভ হ’ব চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া।
চূড়ান্ত ফলাফল অনুসৰি ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে ২৭৫ জনীয়া প্ৰতিনিধি সদনত সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰি ১৮২খন আসন লাভ কৰি প্ৰায় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰে ১২৫ জন সদস্যক প্ৰত্যক্ষ নিৰ্বাচনী ব্যৱস্থাৰ জৰিয়তে আৰু ৫৭ জন সদস্যক আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচিত কৰা হৈছিল। নেপালী কংগ্ৰেছে ৩৮খন, চিপিএন-ইউএমএলে ২৫খন, আৰু নেপালী কমিউনিষ্ট পাৰ্টিয়ে ১৭খন আসন লাভ কৰে।একেদৰে শ্ৰমিক সাংস্কৃতিক পাৰ্টিয়ে ৭খন আসন, আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে ৫খন আসন লাভ কৰাৰ বিপৰীতে এজন নিৰ্দলীয় প্ৰাৰ্থীও নিৰ্বাচিত হয়।
নেপালৰ সংবিধানৰ ৭৬ নং অনুচ্ছেদ অনুসৰি প্ৰতিনিধি সদনত সংখ্যাগৰিষ্ঠতা থকা দলৰ সংসদীয় দলৰ নেতাক প্ৰধানমন্ত্ৰী নিযুক্তি দিয়া হয়। আৰ এছ পিৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সাংবিধানিক বিধান অনুসৰি প্ৰধানমন্ত্ৰী হ’বলৈ হ’লে এজন ব্যক্তি প্ৰতিনিধি সদনৰ সদস্য আৰু সংসদীয় দলৰ নেতা হ’ব লাগিব। বালেন্দ্ৰক সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তুতি চলাইছে দলটোৱে।
যিহেতু অকল আৰ এছ পিৰ প্ৰায় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আছে, সেয়েহে সংবিধানৰ ৭৬(১) অনুচ্ছেদৰ অধীনত সেই দলৰ সংসদীয় দলৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। সাংবিধানিক বিশেষজ্ঞ খিমলাল দেৱকোটাৰ মতে, সাংসদসকলে শপত গ্ৰহণ কৰাৰ পিছত সংসদীয় দলৰ নেতা নিৰ্বাচিত হ’ব, আৰু ৰাষ্ট্ৰপতিয়ে সংখ্যাগৰিষ্ঠ দলৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব, তাৰ পিছত মন্ত্ৰী পৰিষদ গঠন হ’ব। সংবিধান বলবৎ হোৱাৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ৭৬(১) অনুচ্ছেদৰ অধীনত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে একক দলে চৰকাৰ গঠন কৰিব। যদি কোনো দলৰ সংখ্যাগৰিষ্ঠতা নাথাকিলহেঁতেন তেন্তে ৭৬(২) অনুচ্ছেদৰ অধীনত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব, কিন্তু এইবাৰ এই পৰিস্থিতিৰ সৃষ্টি নহ’ল।
ফেডাৰেল সংসদ সচিবালয়ে ২৬ মাৰ্চত নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰিছে। প্ৰস্তুতি চলি আছে। শপত গ্ৰহণ আৰু সংসদীয় দল গঠনৰ সৈতে জড়িত বিষয়সমূহ চূড়ান্ত কৰাৰ বাবে ছয়টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰা হৈছে।
সংবিধানৰ ৯৩(১) অনুচ্ছেদ অনুসৰি চূড়ান্ত ফলাফল ঘোষণাৰ ৩০ দিনৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে ফেডাৰেল সংসদৰ অধিৱেশন আহ্বান কৰিব লাগিব। প্রথমখন বৈঠকৰ সভাপতিত্ব কৰিব প্রতিনিধি সদনৰ জ্যেষ্ঠ সদস্যগৰাকীয়ে ৷ ইফালে, সাত দিনৰ ভিতৰত অধ্যক্ষ আৰু উপ অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এইবাৰ নেপালী কংগ্ৰেছৰ সাংসদ অৰ্জুন নৰসিং কে চি প্ৰ'টেম অধ্যক্ষ হ'ব আৰু প্ৰথমখন বৈঠকৰ সভাপতিত্ব কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ