
শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। নিৰ্বাচনৰ প্ৰাকক্ষণত নিশা চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। এআৰ ০২-৩৬৮৪ নম্বৰৰ এখন মাৰুতি ভানসহ অৰুনাচলৰ পৰা আনি থকা অৱস্থাত চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে গাঞ্জা সহ এজন সৰবৰাহকাৰীক।সৰবৰাহকাৰী জনৰ নাম যাদব চেত্ৰী।
ঘৰ কচুবিলত। নিৰ্বাচন আচৰণ বিধি চলি থকা সময়তে চলা তালাচী অভিযানত গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষীয়ে। গাঞ্জা খিনিৰ মূল্য কেইবা লক্ষাধিক টকা হব বুলি আৰক্ষীয়ে জানিব দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু