
নতুন দিল্লী, ১৯ মাৰ্চ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে দিল্লী কেপিটেলছ (ডি চি)য়ে নিজৰ প্ৰশিক্ষক দলটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। ফ্ৰেঞ্চাইজিটোৱে আইৰিছৰ প্ৰাক্তন অল ৰাউণ্ডাৰ জন মুনীক ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।
বৃহস্পতিবাৰে দিল্লী কেপিটেলছে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, দিল্লীৰ প্ৰতিৰক্ষাত 'আইৰিছ ষ্টীল'ৰ এটা ধমকা। স্বাগতম, জন মুনী।
ক্ৰিকবাজৰ মতে, যোৱা ছিজনত এই ভমিকা গ্ৰহণ কৰা এণ্টন ৰকছ আৰু জ্ঞানেশ্বৰ ৰাওৰ ঠাই মুনীয়ে ল’ব। ইয়াৰ পূৰ্বে ৪৪ বছৰীয়া মুনীয়ে ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তানৰ সৈতে কাম কৰিছিল।
তেওঁ মুখ্য প্ৰশিক্ষক হেমাং বাদানীৰ নেতৃত্বত প্ৰশিক্ষক কৰ্মচাৰীত যোগদান কৰে, য’ত সহকাৰী প্ৰশিক্ষক হিচাপে ইয়ান বেল, বলিং প্ৰশিক্ষক হিচাপে মুনাফ পেটেল, আৰু ক্ৰিকেটৰ পৰিচালক হিচাপে ভেনুগোপাল ৰাও অন্তৰ্ভুক্ত।
আয়াৰলেণ্ডৰ হৈ ৬৪খন এদিনীয়া আৰু ২৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে মুনীয়ে। এই সময়ছোৱাত তেওঁ এদিনীয়াত ৯৬৩ ৰান আৰু টি-২০ত ২৩১ ৰান সংগ্ৰহ কৰে। এইগৰাকী খেলুৱৈয়ে এদিনীয়াত ৪৭টা আৰু টি-২০ত ১০টা উইকেট দখল কৰিছে।
অক্ষৰ পেটেলৰ অধিনায়কত্বত থকা দিল্লী কেপিটেলছে অহা ১ এপ্ৰিলত লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আই পি এল ২০২৬ৰ অভিযান আৰম্ভ কৰিব। দিল্লীয়ে এতিয়াও আই পি এলৰ খিতাপ দখল কৰিব পৰা নাই। গতিকে আই পি এলৰ প্ৰথমটো ট্ৰফীৰ বাবে অপেক্ষা কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ