
বাক্সা, ১৯ মাৰ্চ (হি.স.)। ৰাজ্য়ত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে গোৰেশ্বৰ সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক দলীয় নেতৃত্বই মনোনীত কৰাত দলীয় নেতা সকলে উষ্ণ আদৰণি জনায়। নৱ গঠিত ৪৪ নং গোৰেশ্বৰ বিধান সভা সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস উপস্থিত হয়।
প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ নাগ্ৰিজুলি, শুক্লাই ছেৰফাঙ আৰু গোৰেশ্বৰত দলটোৰ বহু নেতা-কৰ্মীৰ লগতে সমৰ্থকে বিপুলভাৱে আদৰণী জনায়। প্ৰাৰ্থী গৰাকীয়ে দলীয় টিকট প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি দলটোৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু