প্ৰাৰ্থী ঘোষণাৰ পিছতেই উৎফুল্লিত শোণিতপুৰৰ বিজেপি শিবিৰ
–২০০০ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত নিষ্ঠাবান বিজেপি কৰ্মী ঋতুবৰণ শৰ্মাৰ প্ৰাৰ্থীত্বত জিলাৰ প্ৰবীণ বিজেপি কৰ্মী উৎফুল্লিত – চাৰিগৰাকী বিজেপি প্ৰাৰ্থীয়ে শুকুৰবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ –আজিও ওলমি থাকিল অগপক এৰি দিয়া তেজপুৰ সমষ্টি –পৃথ্বিৰা
শোণিতপুৰৰ বিজেপি শিবিৰ,চাৰিগৰাকী বিজেপি প্ৰাৰ্থী


–২০০০ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত নিষ্ঠাবান বিজেপি কৰ্মী ঋতুবৰণ শৰ্মাৰ প্ৰাৰ্থীত্বত জিলাৰ প্ৰবীণ বিজেপি কৰ্মী উৎফুল্লিত

– চাৰিগৰাকী বিজেপি প্ৰাৰ্থীয়ে শুকুৰবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ

–আজিও ওলমি থাকিল অগপক এৰি দিয়া তেজপুৰ সমষ্টি

–পৃথ্বিৰাজ ৰাভাক প্ৰত্যাহ্বান অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য আৰু প্ৰবীণ হাজৰিকাৰ

শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। প্ৰচণ্ড মানসিক চাপ আৰু বহু জল্পনা কল্পনাৰ পিছত আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ লগে লগে উৎফুল্ল হৈ পৰিছে শোণিতপুৰ জিলাৰ বিজেপিৰ দলীয় সমৰ্থক সকল । বিশেষকৈ বিজেপিৰ প্ৰায় জন্ম লগ্নৰে পৰা জড়িত হৈ থকা আৰু পৰৱৰ্ত্তী সময়ত জিলাৰ সম্পাদক, সভাপতিৰ পৰা বহু গুৰুত্বপূৰ্ণ দায়িত্বত থাকি শোণিতপুৰ জিলাত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আৰু সকলো শ্ৰেণীৰ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা থকা ঋতুবৰণ শৰ্মাই এইবাৰ বৰছলা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত জিলাখনৰ প্ৰবীণ বিজেপি নেতা-কৰ্মী সকলে সন্তোষ প্ৰকাশ কৰাৰ বিষয়ে জানিব পৰা গৈছে ।

উল্লেখ্য যে ২০০০ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ থকা ঋতুবৰণ শৰ্মা তেজপুৰৰ সমাজ জীৱনৰো এগৰাকী সক্ৰিয় কৰ্মী হিচাপে পৰিচিত । বিশেষকৈ এগৰাকী ক্ৰীড়া সংগঠক হিচাপে পৰিচিত শৰ্মা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ লগতে এন ই স্পট্চ ফাউণ্ডেশ্যন, শোণিতপুৰ জিলা আৰ্চাৰী সন্থাৰ সভাপতি, অসম অলিম্পিক সন্থাৰ উপসভাপতিৰ দায়িত্ব থকাৰ যোৱা দুটাকৈ কাৰ্যকাল অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ হিচাপে দক্ষতাৰে কাৰ্যনিবাহ কৰিছিল ।

২০১১ চনত তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰাৰ পিছতো বিজেপি দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে জিলাখনত দলৰ ভেটি শক্তিশালী কৰি তোলাত অহোপুৰুষাৰ্থ কৰি অহাৰ লগতে দলৰ এগৰাকী মুখপাত্ৰ হিচাপে যিকোনো ৰাজনৈতিক আলোচনা বিলোচনাত বাক পটুতাৰ সমান্তৰালভাৱে ভদ্ৰ আৰু নম্ৰভাবে শিষ্টাচাৰ বজাই ৰাখি দলৰ আদৰ্শক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল । সেয়েহে এইগৰাকী নিষ্ঠাবান দলীয় কৰ্মীয়ে দীৰ্ঘ সময়ৰ পিছত দলীয় প্ৰাৰ্থীত্ব লাভ কৰাত স্বাভাৱিকতে দলৰ কৰ্ম-কৰ্তা সকল উৎফুল্ল হৈ পৰাৰ লগতে বিশেষকৈ বিজেপিৰ প্ৰবীণ কৰ্মী সকল অধিক উৎফুল্লিত হৈ পৰিছে ।

আনহাতে বিগত সময়চোৱাত সমষ্টিটোৰ কামকাজত যথেষ্ট দুৰ্নীতি সংঘটিত কৰি সমষ্টিটোৰ জনসাধাৰণৰ ৰোষত পৰা পূৰ্বৰ বিধায়ক গণেশ লিম্বুৱে এইবাৰ প্ৰাৰ্থীত্ব লাভ নকৰাত সমষ্টিটোৰ বিজেপি কৰ্মী সকলৰ মাজতেই আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিত নিশ্চিত হৈ থকা পূৰ্বৰ বিধায়ক অশোক সিংহলে স্বাভাৱিকতে পুনৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ লগতে ৰঙাপৰা সমষ্টিটো পূৰ্বৰ চাহ জনগোষ্ঠীৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে পুনৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ লগতে নদুৱাৰ সমষ্টিটো প্ৰত্যাশিত ভাৱেই সমষ্টিটোত গণভিত্তি থকা পদ্ম হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰে। ইয়াৰ বিপৰীতে অগপৰ বাবে এৰি দিয়া জিলাখনৰ সদৰ তেজপুৰ সমষ্টিটোত প্ৰবল প্ৰত্যাহ্বানৰ মাজত পূৰ্বৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰাৰ্থীত্ব লাভ কৰিছে বুলি জানিব পৰা গৈছে যদিও দলে বাতৰি লিখাৰ পৰলৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই ।

জানিব পৰা মতে মিত্ৰ দল অগপৰ বাবে পূৰ্বৰ দৰে এৰি দিয়া তেজপুৰ সমষ্টিৰ বাবে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন ছাত্ৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই শেহতীয়াকৈ সমষ্টিটোৰ পৰা দাবীদাৰ হৈ পৰাত আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাইও তেজপুৰ সমষ্টিটো বিচাৰি দলক দাবী উত্থাপন কৰাৰ পিছত বৰ্তমানলৈকে দলে সমষ্টিটোত প্ৰাৰ্থী ঘোষণাৰ পৰা অদ্যপি বিৰত হৈ আছে যদিও কালি নিশা পৃথ্বিৰাজ ৰাভাৰেই প্ৰাৰ্থী নিশ্চিত হৈছে বুলি জানিব পৰা গৈছে । আনহাতে কাইলৈ জিলাখনৰ চাৰিওটা সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande