
মানকাচাৰ, ১৯ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ পূৰ্বে মানকাচাৰত আৰক্ষী-সীমান্ত নিৰাপত্তা ৰক্ষী বাহিনীৰ যুটীয়া 'ফ্লেগ মাৰ্চ' । সীমান্তত কটকটীয়া নিৰাপত্তা।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আজি জিলা খনৰ ভাৰত-বাংলাদেশ সীমান্ত তথা অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল সমূহত আৰক্ষী আৰু বি এছ এফ,এ এক যুটীয়া 'ফ্লেগ মাৰ্চ' উলিয়ায়।
এই ফ্লেগ মাৰ্চৰ নেতৃত্ব দিয়ে জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে । তেওঁৰ সৈতে আৰক্ষীৰ শীৰ্ষ বিষয়া সকল আৰু বি এছ এফৰ জোৱান সকলে অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল সমূহৰ মাজেৰে যাতে নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবলৈ এই বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
সাধাৰণ ৰাইজ তথা ভোটাৰ সকলে যাতে কোনো ভয়-সংকোচ নোহোৱাকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰা হৈছে। অসম-মেঘালয় সীমান্তৰে যাতে কোনো সন্দেহজনক ব্যক্তি বা অবৈধ সামগ্ৰীৰ অনুপ্ৰৱেশ ঘটিব নোৱাৰে, তাৰ ওপৰত চকু ৰখা হৈছে।
নিৰ্বাচনৰ পূৰ্বে হ’ব পৰা যিকোনো ধৰণৰ অসামাজিক বা উচতনিমূলক কাৰ্যক কঠোৰ হাতেৰে দমন কৰাৰ বাবে আৰক্ষী সাজু থকাৰ এক বাৰ্তা প্ৰেৰণ কৰা হৈছে ।
জেষ্ঠ্য আৰক্ষী আৰক্ষীকে জানিবলৈ দিয়া অনুসৰি, নিৰ্বাচন শেষ নোহোৱালৈকে জিলাখনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ তালাচী আৰু নিৰাপত্তা অভিযান অব্যাহত থাকিব। আজিৰ এই ফ্লেগ মাৰ্চে স্থানীয় ৰাইজৰ মাজত এক সুস্থ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু