
শোণিতপুৰ, ১৯ মাৰ্চ (হি.স.)। আত্মসংশোধন আৰু আত্মসমালোচনাৰে দায়বদ্ধ প্ৰগতিশীল আঞ্চলিকতাবাদৰ পোষকতা কৰিছে আঞ্চলিক দল অসম গণ পৰিষদ (অগপ)ৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী বৃন্দাবন গোস্বামীয়ে। তেজপুৰৰ লুম্বেৰ দাই ভৱনত আয়োজিত এক সংবাদমেলত অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে আঞ্চলিকতাবাদ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনকে ধৰি বিভিন্ন বিষয়ত মতামত ব্য়ক্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত স্থিতি স্পষ্ট কৰি অগপৰ বৰ্ষীয়ান নেতাজনে কয় যে এই আইনৰ অধীনত বিদেশীৰ বোজা একমাত্ৰ অসমে কিয় বহন কৰিব। এয়া সমগ্ৰ দেশে ভগাই লোৱা উচিত।
সংবাদমেলত অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে কয় –“কা আন্দোলনৰ ক্ষেত্ৰত মোৰ স্থিতি পৃথক ৷ মই কোনো জাতি ধৰ্মৰ লোকৰ বিদ্বেষী নহয় ৷ কিন্তু মোৰ কথা হ’ল ৭১ৰ পিছৰ বিদেশীৰ বোজা কেৱল অসমে কিয় ল’ব ৷ বাংলাদেশত হিন্দু সকল বিপদত নপৰা নহয় ৷ কিন্তু তাত যুগ যুগান্তৰলৈ এনে সমস্যা চলি থাকিব আৰু তাৰ বোজা অসমে বা উত্তৰপূৰ্বাঞ্চলে ল’ব লাগিব কিয় ? য’দি বিদেশীৰ বোজা ল’বই লাগে সমগ্ৰ দেশে ভগাই নলয় কিয় ? ” তেওঁ পুনৰ কয় –“ বাংলাদেশত হোৱা সমস্যাৰ বাবে ৰাজ্যত বিদেশীক সংস্থাপন কৰাৰ পৰিৱৰ্তে বাংলাদেশৰে দুখন জিলা নিবিছাৰে কিয়?”
বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আতৰি থকা প্ৰসংগত গোস্বামীয়ে কয়–“মই দায়বদ্ধ প্ৰগতিশীল আঞ্চলিকতাবাদৰ ওচৰত ৷ মোক বহুজনে তেওঁলোকৰ লগলৈ মাতিছে ৷ সেই সকলৰ ভিতৰত মোৰে বহু সতীৰ্থ আছে ৷ কিন্তু মই তেজপুৰতে থাকিম ৷ তেজপুৰৰ প্ৰতি আৰু ইয়াৰ সৰ্বসাধাৰণৰ প্ৰতি মোৰ দায়িত্ব আছে ৷” আনহাতে অগপ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি অগপৰ প্ৰাক্তন সভাপতিজনে কয় “২০২১ত তেজপুৰত মোৰ জনপ্ৰিয়তা নাই বুলি মিছা প্ৰছাৰ চলাই মোক টিকট নিদিলে ৷ তেতিয়া মোৰ খং উঠিছিল ৷ মই ৰাজ্যৰ বহু আন্দোলনৰে জড়িত আছিলো ৷ অগপৰ দুৰ্যোগৰ দিনত মোক সভাপতিৰ দায়িত্ব দিছিল ৷”
তেওঁ লগতে নিজকে প্ৰগতিশীল আঞ্চলিকতাবাদৰ ওচৰত দায়বদ্ধ বুলি উল্লেখ কৰি বৰ্তমান বহু অগপ কৰ্মী দিশহাৰা হৈ পৰা বুলি অভিযোগ কৰে ৷ বৰ্তমানৰ অগপ নেতৃত্বৰ প্ৰতি উত্থাপিত ৰাজহুৱা অভিযোগ সন্দৰ্ভত স্হিতি স্পষ্ট কৰি বৃন্দাবন গোস্বামীয়ে অগপই প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত কিয় আমবাৰীত লোৱাৰ পৰিৱৰ্তে দিল্লীলৈ বাট চাব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি কয় “ অগপ নাথাকিলেও ৰাজ্যত আঞ্চলিকতাবাদ জীয়াই থাকিব ৷ আত্মসংশোধন আৰু আত্মসমালোচনা অতিকৈ প্ৰয়োজন৷” তেওঁ তেজপুৰত আন ব্যক্তি
বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত তেওঁলোকৰ কামত বাধা দিয়া বা হস্তক্ষেপ কৰা নাছিল বুলি মন্তব্য কৰি লগতে কয় যে কেৱল ৰাস্তা ঘাট নিৰ্মাণ কৰাই এজন বিধায়কৰ কাম নহয় ৷ তেওঁ কয় যে, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, তেজপুৰ বিশ্ববিদ্যালয়, ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰ মানসিক চিকিৎসালয় প্ৰতিষ্ঠানৰ উন্নয়ন, তেজপুৰ চ’ক বজাৰ নিৰ্মাণ, মিছন ছাৰিআলিৰ উৰণীয়া সেঁতু নিৰ্মান, আইএছবিটি নিৰ্মাণ আদি পূৰ্বৰে কাম বুলিও তেওঁ মন্তব্য কৰে ৷ ১৯৯৬ৰ নিৰ্বাচনত ইভিএম টেম্পাৰিঙৰ অভিযোগ তুলি অৱশ্যে সেই অভিযোগ তথ্যসহ পিছত ৰাজহুৱা কৰিব বুলিও অভিযোগ তোলে গোস্বামীয়ে ৷
আনহাতে,আঞ্চলিক ৰাজনৈতিক দলৰ চৰিত্ৰ কেৱল চন্দ্ৰবাবু নাইডুৱে জীয়াই ৰখাৰ কথা উল্লেখ কৰি অসমৰ বেলিকা গণ পৰিষদ দলে নিজৰ আঞ্চলিক চৰিত্ৰ ৰাষ্ট্ৰীয় দলৰ ওচৰত বিপদাপন্ন কৰি তোলা বুলিও অভিযোগ কৰে গোস্বামীয়ে ৷ তেওঁ লগতে বিগত পাঁচটা বছৰ দলৰ মজিয়াত কোনো কথা কামত সক্ৰিয়তাৰে নাই যদিও আঞ্চলিক প্ৰগতিশীল মনোভাৱেৰে সমাজৰ হকে কাম কৰাহে বুলি তেওঁ উল্লেখ কৰে ৷ জাতীয় পৰিষদ দলে নিৰ্বাচনত অবতীৰ্ণ হ'বৰ বাবে তেজপুৰৰ প্ৰাক্তন বিধায়ক গৰাকীৰে যোগাযোগ কৰিছিল যদিও সেয়া এক আঞ্চলিক ভাৱাদৰ্শৰ এক বিষয়হে আছিল বুলি স্পষ্ট কৰে গোস্বামীয়ে ৷ অগপ নেতৃত্বৰ স্হিতি প্ৰসংগত কয় যে, বৰ্তমানৰ অগপ নেতৃত্বৰ প্ৰতি যিবোৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে সেই সন্দৰ্ভত দলীয় নেতৃত্বই স্হিতি স্পষ্ট কৰিব লাগে ৷ তেওঁ কয় “ এইবোৰ মই কৰা অভিযোগ নহয়, কাকতে পত্ৰই পঢ়িবলৈ পাইছো ৷ বৰ্তমান অগপৰ বহুকেইজন নেতাৰ প্ৰাৰ্থীত্ব কিয় নিশ্চিত কৰিব নোৱাৰিলে ৷”
ভাষা আন্দোলনৰ পৰা অবৈধ বিদেশী বহিস্কাৰ আন্দোলন তথা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, সৰ্বানন্দ সোণোৱালৰ লগতে ড° হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আদি সকলোৰে ৰাজ্যলৈ অৱদান থকাৰ বিষয়ে উল্লেখ কৰি গোস্বামীয়ে কয় যে ৰাজ্যখনৰ বাবে ৰাইজ আৰু সকলো ধৰ্মৰ লোকৰে অৱদান আছে ৷ তেওঁ মিছন চাৰিআলি বজাৰখন অনুমোদনৰ পাছতো নিৰ্মাণ নোহোৱাত তথা চ’কবজাৰখনো পৰিকল্পনা অনুসৰি নিৰ্মাণ নোহোৱাত আক্ষেপ প্ৰকাশ কৰে ৷ তেওঁ কয় যে এয়া পৰিকল্পিত ভাবে নিৰ্মাণ হ’লে ইয়াত পূৰ্বৰে পৰাই ব্যৱসায় কৰি অহা সকলক অগ্ৰাধিকাৰ দিয়াৰ লগতে খিলঞ্জীয়া আগ্ৰহী সকলক সুযোগ দিব লাগে ৷ বৰ্তমান চ’কবজাৰত পূৰ্বৰে পৰা ব্যৱসায় কৰি থকা সকলৰ পৰা পুনৰ আৱন্টনৰ নামত আগতীয়াকৈ অধিক ধন বিছৰা হৈছে বুলি অভিযোগ উঠা বুলিও কয় ৷
আনহাতে সকলো ঠিক হোৱা সত্বেও তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু ক্ৰীড়া বিশ্ববিদ্যালয় আজিলৈকে স্থাপন নহ’ল বুলি মন্তব্য কৰি গোস্বামীয়ে এইবাৰ যি জনেই তেজপুৰৰ পৰা বিজয়ী হয় সেইজনে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এয়া স্হাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গোস্বামীয়ে দাবী জনায় ৷ তেওঁ কয় “ মই কথা ক’লেই বহুতে টিকট নোপোৱাৰ খঙত এইবোৰ কোৱা বুলি কয় ৷ প্ৰকৃততে সেয়া নহয় ৷ ৰাজনৈতিক কথা পিছত মই বহলাই ক’ম ৷ কিন্তু এতিয়া নিৰ্বাচনৰ আগতে এইখিনি কথা কোৱা আৱশ্যক বুলি ভাবিলো ৷” তেওঁ বৰ্তমান গণসেৱক অসম নামৰ এক সংগঠন গঠন কৰি তেজপুৰত বৰ্তমান সাতহেজাৰ লোকে ইয়াৰ জৰিয়তে কাম কৰি থকাৰ লগতে ৰাজ্যজুৰি একলাখ লোকক ইয়াৰে সন্মিলিত কৰা হ’ব বুলি উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ