
গোলাঘাট, ১৯ মাৰ্চ (হি.স.)। ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিত ফুকনৰ টিকট নিশ্চিত হোৱাৰ পাছতে সৰুপথাৰ সমষ্টিৰ ৰাইজৰ মাজত উখল মাখল পৰিৱেশ দেখা গৈছে। জামুগুৰি দলংৰ পৰা হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে ঢোলে দগৰে বিশ্বজিত ফুকনক সৰুপথাৰ সমষ্টিলে আদৰি আনিলে।
দলীয় কৰ্মী সকলে আশাবাদী যে সমষ্টিৰ উন্নয়নৰ দিশত পুৰ্বৰ তুলনাত দলীয় প্ৰাৰ্থী বিশ্বজিত ফুকনে নিৰ্বাচনত বিজয়ী হৈ অধিক গতিশীল ভাবে কাম কৰিিব সক্ষম হব । ২০২১ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত তেও সৰুপথাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু