তৃতীয় বাৰলৈ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা
তিনিচুকিয়া, ১৯ মাৰ্চ (হি.স.)। তৃতীয় বাৰলৈ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা, ডিব্ৰুগড় বিমান বন্দৰত উখল-মাখল পৰিৱেশ। ডিব্ৰুগড় বিমান বন্দৰত আজি দেখা গ’ল এক উখল-মাখল পৰিৱেশ। ৰাজনৈতিক উত্তেজনাৰ মাজতে বিজেপিৰ ৮৩ নং মাৰ্ঘে
তৃতীয় বাৰলৈ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা


তিনিচুকিয়া, ১৯ মাৰ্চ (হি.স.)। তৃতীয় বাৰলৈ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা, ডিব্ৰুগড় বিমান বন্দৰত উখল-মাখল পৰিৱেশ। ডিব্ৰুগড় বিমান বন্দৰত আজি দেখা গ’ল এক উখল-মাখল পৰিৱেশ। ৰাজনৈতিক উত্তেজনাৰ মাজতে বিজেপিৰ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ আগমনে সৃষ্টি কৰিলে উৎসৱৰ দৰে পৰিৱেশ।

দিল্লীৰ পৰা আহি ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱা ভাস্কৰ শৰ্মাক দলীয় কৰ্মকৰ্তা আৰু সমৰ্থক সকলে বিপুল উচ্ছাসেৰে আদৰণি জনায়।

বিমান বন্দৰত উপস্থিত শ শ কৰ্মকৰ্তাই জয়ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ। পুষ্পসজ্জিত বাহনত উঠি প্ৰাৰ্থী গৰাকীক ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা লৈ যোৱা হয়। ভাস্কৰ শৰ্মাৰ এই আগমনে মাৰ্ঘেৰিটা সমষ্টিত বিজেপিৰ নিৰ্বাচনী তৎপৰতা অধিক জোৰদাৰ হোৱাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande