সৰভোগৰ গৰখীয়া গোসাঁই থানত সেৱা জনাই ২৬ৰ নিৰ্বাচনী যাত্ৰা আৰম্ভ বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ
বৰপেটা, ১৯ মাৰ্চ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ টিকট লাভৰ পিচতে গৃহ সমষ্টি ভৱানীপুৰ-সৰভোগ সমষ্টিত উপস্থিত ৰণজিৎ কুমাৰ দাস । ১১ আৰু ১৬ চনত সৰভোগ আৰু ২১ চনত পাটাছাৰকুছি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত ৰণজিৎ কুমাৰ দাস এইবেলি ভৱানীপুৰ-সৰভোগ সমষ্টিত প
সৰভোগৰ গৰখীয়া গোসাঁই থানত সেৱা জনাই ২৬ৰ নিৰ্বাচনী যাত্ৰা আৰম্ভ বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ


বৰপেটা, ১৯ মাৰ্চ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ টিকট লাভৰ পিচতে গৃহ সমষ্টি ভৱানীপুৰ-সৰভোগ সমষ্টিত উপস্থিত ৰণজিৎ কুমাৰ দাস ।

১১ আৰু ১৬ চনত সৰভোগ আৰু ২১ চনত পাটাছাৰকুছি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত ৰণজিৎ কুমাৰ দাস এইবেলি ভৱানীপুৰ-সৰভোগ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব। ৰণজিৎ কুমাৰ দাসক বিজেপিয়ে ভৱানীপুৰ-সৰভোগ সমষ্টিত টিকট প্ৰদানৰ পিচতে সৰভোগৰ গৰখীয়া গোসাঁই থানত উপস্থিত হৈ থান খনত বন্তি জ্বলাই সেৱা জনায় ।

সৰভোগৰ লগতে সমষ্টিটোৰ দলীয় নেতা কৰ্মী আৰু সমৰ্থক সকল সৰভোগৰ গৰখীয়া থানত উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক ফুল চটিয়াই, গামোছা পিন্ধাই আদৰণি জনায়। ৰণজিৎ কুমাৰ দাসে প্ৰতিটো নিৰ্বাচনতে সৰভোগৰ গৰখীয়া গোসাঁই থানত সেৱা জনাই নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰে।

এইবেলিও সৰভোগৰ গৰখীয়া গোসাঁই থানত সেৱা জনাই ২৬ৰ নিৰ্বাচনী যাত্ৰাৰ আৰম্ভণি কৰে।

ৰণজিৎ কুমাৰ দাসে গৰখীয়া গোসাঁই থানৰ পিচতে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন থান, সত্ৰ, মঠ, মন্দিৰ আদিত সেৱা জনায়। দুটা কাৰ্য কালত সৰভোগৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ৰণজিৎ কুমাৰ দাসে বিগত নিৰ্বাচনত বজালীৰ পৰা নিৰ্বাচনত অংশ লৈছিল। ৫ বছৰ পিচত ৰণজিৎ কুমাৰ দাস পুনৰ গৃহ সমষ্টিলৈ উভতি অহাক লৈ অতিকৈ আনন্দিত দলীয় নেতা কৰ্মী আৰু সমৰ্থকসকল।

দলীয় প্ৰাৰ্থিত্ব লাভৰ পিচতে সৰভোগত ৰণজিৎ কুমাৰ দাসৰ মন্তব্য- এইবেলি কোনো প্ৰতিদ্বন্দিতাই নহয় ভৱানীপুৰ-সৰভোগ সমষ্টিত। উল্লেখ্য যে, ভৱানীপুৰ-সৰভোগ সমষ্টিটো বিৰোধী কংগ্ৰেছ মিত্ৰজোটে চিপিআই (এম)ক এৰি দিছে। সমষ্টিটোত ইণ্ডি এলায়েঞ্চৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব চিপিআই এমৰ মনোৰঞ্জন তালুকদাৰ। ৰণজিৎ দাসৰ স্পষ্ট কথা এইবাৰ কোনো প্ৰতিদ্বন্দিতা নহব সমষ্টিটোত।

ইপিনে বজালীত মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী গৰাকীক ভোট প্ৰদান কৰিবলৈ বজালী সমষ্টিবাসীলৈ আহ্বান জনাইছে ৰণজিৎ কুমাৰ দাসে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande