জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনাই নলবাৰীৰ হেলচা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল
নলবাৰী, ১৮ মাৰ্চ (হি.স.)। অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । পিছে এইবাৰ ৰঙালী বিহুক লৈ বিশেষ উচাহ নাই অসমীয়াৰ । কাৰন এইবেলি প্ৰথম হব জুবিন বিহিন ৰঙালী বিহু । জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনাই কেইবাখনো ৰঙালী বিহু সমিতিয়ে লৈছে ব
জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনাই নলবাৰীৰ হেলচা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল


নলবাৰী, ১৮ মাৰ্চ (হি.স.)। অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । পিছে এইবাৰ ৰঙালী বিহুক লৈ বিশেষ উচাহ নাই অসমীয়াৰ । কাৰন এইবেলি প্ৰথম হব জুবিন বিহিন ৰঙালী বিহু । জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনাই কেইবাখনো ৰঙালী বিহু সমিতিয়ে লৈছে বিশেষ পদক্ষেপ । নলবাৰীৰ এখন বিশেষ বিহু হ'ল হেলচা ৰঙালী বিহু ।

এইখন বিহুত ৰাজ্যৰ আগশাৰীৰ প্ৰায়বোৰ শিল্পীয়ে সংগীত পৰিবেশন কৰিছে । বিগত দুটা বছৰ জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিছিল হেলচা ৰঙালী বিহুত । এইবেলি হেলচা ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰি অহা ৰঙালী বিহুত জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনাই সংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে । মঙ্গল বাৰে নিশা জৰুৰী সভাত জুবিনবিহীন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ হেলচা ৰঙালী বিহুৰ আয়োজক সমিতিৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande