
টেল আভিভ, ১৮ মাৰ্চ (হি.স.)। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ চমুকৈ আই আৰ জি চিয়ে ইৰাণৰ প্ৰাক্তন শীৰ্ষ নিৰাপত্তা বিষয়া ড° আলী লাৰিজানীৰ মৃত্যুৰ পিছত ইজৰাইলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইজৰাইলৰ ৰাজধানী টেল আভিভত আই আৰ জি চিয়ে ১০০ৰো অধিক লক্ষ্যত আক্ৰমণ চলাইছে। আমেৰিকা-ইজৰাইলৰ সমন্বিত সামৰিক অভিযানত নিহত হয় ড° লাৰিজানী। আজি আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ ১৯ সংখ্যক দিন।
ইৰাণৰ প্ৰেছ টিভিৰ তথ্য অনুসৰি আই আৰ জি চিৰ এক বিবৃতিত এই তথ্য প্ৰদান কৰা হৈছে। আই আৰ জি চিয়ে কয় যে আমেৰিকা-ইজৰাইলৰ আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন “ট্ৰু প্ৰমিজ ৪”ৰ ৬১ সংখ্যক ঢৌৰ সময়ত এই লক্ষ্যসমূহ আক্ৰমণ কৰিছিল। বিবৃতিটোত কোৱা হৈছে যে শত্ৰুৰ স্থানক লক্ষ্য কৰি মাল্টি ৱাৰহেড খোৰৰামশ্বহৰ-৪ আৰু কাদৰ মিছাইলৰ লগতে ইমাদ আৰু খাইবাৰ শিকান প্ৰজেক্টাইল ব্যৱহাৰ কৰা হৈছে। ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ প্ৰাক্তন সচিব ড০ লাৰিজানীৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ সংঘটিত হৈছে এই আক্ৰমণ।
প্ৰেছ টিভিৰ মতে, এই আক্ৰমণৰ ফলত ইজৰাইলৰ আটাইতকৈ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস হয়, যাৰ ফলত টেল আভিভত আংশিকভাৱে ব্লেকআউট হয়। ইয়াৰ ফলত ইজৰাইলৰ সেনাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰাত অসুবিধাৰ সৃষ্টি কৰিছিল । ইফালে, কৰ্পছে জনোৱা মতে, অপাৰেচন “ট্ৰু প্ৰমিজ ৪”ৰ সময়ত এতিয়ালৈকে ২৩০ জনতকৈ অধিক ইজৰাইলী নিহত হৈছে ।
আই আৰ জি চিৰ মতে, টেল আভিভৰ উপৰিও পবিত্ৰ চহৰ আল-কুদছ, হাইফা বন্দৰ, বিয়েৰ শ্বেভা, আৰু নেগেভ মৰুভূমিৰ স্পৰ্শকাতৰ আৰু কৌশলগত স্থানসমূহকো লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ উপৰিও কাটাৰ, বাহৰেইন, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, চৌদি আৰৱত থকা আমেৰিকাৰ ঘাটিসমূহ আক্ৰমণ কৰা হয় ।
ইজৰাইলৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন চিকিৎসা, দুৰ্যোগ সাহায্য, এম্বুলেন্স, আৰু ব্লাড বেংক সেৱাৰ মেগেন ডেভিদ আডমে (এমডিএ) ৰিপ’ৰ্ট কৰিছে যে মধ্য ইজৰাইলত ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণত দুজন লোক নিহত হৈছে। তাৰে এগৰাকী আছিল এগৰাকী মহিলা। ৰমত গণ নগৰত দুয়োকে ৰক্তক্ষৰণ হৈ থকা অৱস্থাত উদ্ধাৰ হয়। টেল আভিভৰ ঠিক উত্তৰত অৱস্থিত ব্নেই ব্ৰাক চহৰতো মিছাইলৰ টুকুৰা পৰিল। চিএনএনৰ বাতৰি অনুসৰি এজন ব্যক্তি সামান্য আঘাতপ্ৰাপ্ত হৈছে ।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক্সত পোষ্ট কৰিছিল, হোম ফ্ৰন্ট কমাণ্ডৰ দলসমূহে তৎক্ষণাত দেশৰ মধ্য অংশৰ এনে স্থানত উপস্থিত হৈছে য'ত ক্ষেপণাস্ত্ৰ পৰি যোৱাৰ খবৰ আহিছে। হোম ফ্ৰন্ট কমাণ্ডৰ উদ্ধাৰ আৰু সাহায্য দলে কাম কৰি আছে। হোম ফ্ৰন্ট কমাণ্ডে বাসিন্দাসকলক পৰামৰ্শ দিয়ে যে এতিয়া তেওঁলোকে নিৰাপদ স্থান (আশ্ৰয় শিবিৰ)লৈ খালী কৰিব পাৰিব ।
ইফালে আইডিএফে লেবাননত হিজবুল্লাহৰ ৰকেট লঞ্চাৰ আৰু যুঁজাৰু বিমানক লক্ষ্য কৰি বিমান আক্ৰমণৰ লহৰ আৰম্ভ কৰিছে। আইডিএফে মঙলবাৰে কয় যে এইটো তেওঁলোকৰ অপাৰেচন “ৰ’ৰিং লায়ন”ৰ অংশ। ইফালে যুদ্ধ বিভাগে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশ অতি দ্ৰুত আৰু নিখুঁতভাৱে পালন কৰিছো। অপাৰেচন 'এপিক ফিউৰি'ই ইৰাণৰ সেনাবাহিনীক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে ।
আমেৰিকাৰ নৌসেনাৰ এডমিৰেল আৰু কমাণ্ডাৰ ব্ৰেড কুপাৰে এটা ভিডিঅ’যোগে কয় যে, আমি আমাৰ সামৰিক লক্ষ্যৰ ওপৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছো। আমাৰ লক্ষ্য হৈছে ইৰাণৰ বেলিষ্টিক মিছাইল, ড্ৰোন আৰু নৌসেনাৰ ভাবুকি দূৰ কৰা। আজিলৈকে আমাৰ বায়ুসেনা, নৌসেনা আৰু মেৰিন কৰ্পছৰ বিমানচালকে মিলি ৬,০০০ৰো অধিক যুদ্ধ যাত্ৰা উৰুৱাইছে। আমেৰিকাই ইৰাণৰ উপকূলৰ ওচৰত হৰমুজ জলদ্বীপৰ ওচৰত অৱস্থিত শক্তিশালী ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিক লক্ষ্য কৰি লৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া