
ডিব্ৰুগড়, ১৮ মাৰ্চ (হি.স.)। নাহৰকটীয়া ৰেলৱে ষ্টেচনত অঘটন। চলন্ত ৰেল ইঞ্জিনৰ আগত জাপ দিলে এজন অচিনাক্ত যুৱকে।
জানিব পৰা অনুসৰি আজি পুৱা প্ৰায় ৬.৩০ মান বজাত নামনিমুৱা এটা ইঞ্জিনৰ সন্মূখত হথাৎ জাপ মাৰি দিয়ে এজন অচিনাক্ত যুৱকে বুলি সদৰি কৰে ৰেলৱে আৰক্ষী বিষয়াই। বাতৰি সংগ্ৰহ কৰা সময়লৈকে যুৱকজনক চিনাকি কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰে বিষয়াজনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ