
কাৰ্বি আংলং, ১৮ মাৰ্চ (হি.স.): বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য় কাৰ্যবাহী (চিইএম) ড০ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা । কাৰ্বি আংলং জিলাৰ ৯ টাকৈ পৌৰ পৰিষদত ৬৬ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ সংগঠনটোৱে, লগতে কাৰ্বি আংলং জিলাৰ টেট উত্তীৰ্ণ শিক্ষক সকলকো বৰ্তমানেও নিযুক্তি নিদিয়াত জাঙুৰ খাই উঠিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ ছাত্ৰ নেতা সকলে ।
যিহেতু সংগঠনটোৱে প্ৰত্যেকটো আঞ্চলিকত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল যদিও নিৰ্বাচনৰ আচৰণ বিধিৰ প্ৰতি সন্মান জনাই প্ৰতিবাদী কাৰ্যসূচী সমূহ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। লগতে ছাত্ৰ সংগঠনটোৱে দাবী কৰে যে, উক্ত বিত্তীয় কেলেংকাৰী আৰু কাৰ্বি আংলং জিলাৰ টেট উত্তীৰ্ণ শিক্ষকৰ নিযুক্তি নিদিয়াৰ বাবে উচিত তদন্ত বিচাৰি কালি বিয়লি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অন্যথা আগন্তুক মে' মাহৰ চাৰি তাৰিখৰ পাছত পুনৰ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ