বিজেপিক তীব্ৰ সমালোচনা ৰঙিয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ
কামৰূপ, ১৮ মাৰ্চ (হি.স.)। ৰঙিয়াত বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ । বিৰোধী ঐক্য মঞ্চৰ সংবাদমেলত প্ৰাণজিৎ চৌধুৰীৰ ক্ষুৰধাৰ সমালোচনা । ৰঙিয়াৰ ঐতিহাসিক ৰাজীৱ ভৱনত বুধবাৰে বিৰোধী ঐক্য মঞ্চৰ এক উত্তাল সংবাদমেল অনুষ্ঠিত হয় । অসমৰ মুখ্যমন্ত্ৰী ড°
বিজেপিক তীব্ৰ সমালোচনা ৰঙিয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ


কামৰূপ, ১৮ মাৰ্চ (হি.স.)। ৰঙিয়াত বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ । বিৰোধী ঐক্য মঞ্চৰ সংবাদমেলত প্ৰাণজিৎ চৌধুৰীৰ ক্ষুৰধাৰ সমালোচনা । ৰঙিয়াৰ ঐতিহাসিক ৰাজীৱ ভৱনত বুধবাৰে বিৰোধী ঐক্য মঞ্চৰ এক উত্তাল সংবাদমেল অনুষ্ঠিত হয় । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায় কংগ্ৰেছৰ ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে । সংবাদমেলত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ সকলো সদস্যই একেলগে বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ দৰে পৰিৱেশ সৃষ্টি হয় ।

প্ৰাণজিৎ চৌধুৰীয়ে আত্মবিশ্বাসেৰে ঘোষণা কৰে— “আগন্তুক বিধানসভা নিৰ্বাচনত সকলো বিৰোধী দল একেলগে ঐক্যবদ্ধ হৈ বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিব! আমি জয়ী হ'মেই, ৰঙিয়াৰ ৰাইজে বিজেপিৰ ভুৱা উন্নয়নৰ মুখা খুলি পেলাব!” তেওঁ লগতে কয় যে তেজপুৰত অনুষ্ঠিত হোৱা চিপিএমৰ প্ৰতিনিধি প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে উপস্থিত নাথাকিলেও দলটোৱে তেওঁৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ঐক্য মঞ্চৰ সৈতে থিয় হৈ আছে ।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰাণজিৎ চৌধুৰীয়ে অতি তীক্ষ্ণভাৱে আক্ৰমণ কৰি কয়— লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । সকলোৱে ভাবিছিল যে ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত গৌৰৱ গগৈৰ পৰাজয় নিশ্চিত । কিন্তু ফলাফলৰ বিপৰীতে ৰাণা গোস্বামী এতিয়া ৰাজনীতিৰ পৰা প্ৰায় নিশ্চিহ্ন হৈ পৰিছে ! এয়াই বিজেপিৰ ভুৱা আশাৰ উদাহৰণ !

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তেওঁ ক্ষোভেৰে কয়— “মুখ্যমন্ত্ৰীয়ে মাত্ৰ ছয় মাহতে উৰণ সেতু সাজিব পাৰে বুলি বহুতো দাবী কৰে, কিন্তু জুবিন ক্ষেত্ৰত (দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ উৰণ সেতু) আজি ছয় মাহ পাৰ হোৱাৰ পিছতো এচপৰা শিল নপৰিল! এয়াই তেওঁৰ উন্নয়নৰ আচল ৰূপ— কথাৰেৰে বহুত, কামত শূন্য!”

সংবাদমেলৰ ঠিক আগতে ৰাজীৱ ভৱনত এক বিশাল কৰ্মী সভা অনুষ্ঠিত হয়, য'ত তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধন কৰে । এই সভাৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰঙিয়াত বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি একত্ৰিত হৈছে আৰু নিৰ্বাচনী যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande