নগাঁৱৰ পুৰণিগুদামৰ চলচলিত সন্মুখ সমৰত অজাপ-কংগ্ৰেছ আৰু বিজেপি কৰ্মী
নগাঁৱৰ পুৰণিগুদামৰ চলচলিত সন্মুখ সমৰত অজাপ-কংগ্ৰেছ আৰু বিজেপি কৰ্মী।
নগাঁৱৰ পুৰণিগুদামৰ চলচলিত সন্মুখ সমৰত অজাপ-কংগ্ৰেছ আৰু বিজেপি কৰ্মী


নগাঁও, ১৮ মাৰ্চ (হি.স.): নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত সৃষ্টি হৈছে সংঘাত। নগাঁৱৰ পুৰণিগুদামৰ চলচলিত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া অজাপ-কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয়।

একাংশ বিজেপি কৰ্মীয়ে দিলে ৰাজেন গোহাঁই গ বেক ধ্বনি। চলচলিৰ কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ বাসগৃহত ৰাজেন গোহাঁই উপস্থিত হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয়। ইফালে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অজাপ কৰ্মীয়ে দিলে জিতু গোস্বামী মুৰ্দাবাদ ধ্বনি। আনহাতে ৰাজনীতিৰ উৰ্ধত অজাপ কৰ্মী, কংগ্ৰেছ কৰ্মীয়ে চিঞৰিলে জয় জুবিন দা ধ্বনি। এইদৰে নিৰ্বাচনী বতৰত নগাঁৱৰ পুৰণিগুদামৰ চলচলিত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande