
নতুন দিল্লী, ১৮ মাৰ্চ (হি.স.)। দিল্লীৰ পালামৰ বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। ঘটনাস্থলীত জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে। এই অগ্নিকাণ্ডত কেইবাজনো শিশুসহ ৭ জন লোকৰ মৃত্যু হৈছে।
মুখ্যমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে, এক্স, পালামৰ এটা বহুমহলীয়া আৱাসিক ভৱনত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ বিষয়ে জানিবলৈ পাই মই গভীৰভাৱে দুখী হৈছো। জিলা প্ৰশাসন, দিল্লী অগ্নিনিৰ্বাপক বাহিনী, আৰু দিল্লী আৰক্ষীয়ে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। তেওঁ লগতে কয় যে ঘটনাৰ তদন্তৰ বাবে দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
পুৱা প্ৰায় ৭ বজাত পালাম মেট্ৰ’ ষ্টেচনৰ সমীপৰ এটা অট্টালিকাত অৱস্থিত এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে ফোন লাভ কৰাৰ পিছতে ৩০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে বৃহৎ অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া