গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১
গোৱালপাৰা,১৮ মাৰ্চ (হি.স.)। গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা অনুসৰি গোৱালপাৰাত বলবলা চান্দামাৰিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন দলঙৰ ৰেলিং ভাঙি তলত সৰি পৰে এখন যাত্ৰী বাহী বাছে। এই দুৰ্ঘটনাত এজন
গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১


গোৱালপাৰা,১৮ মাৰ্চ (হি.স.)। গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

জানিব পৰা অনুসৰি গোৱালপাৰাত বলবলা চান্দামাৰিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন দলঙৰ ৰেলিং ভাঙি তলত সৰি পৰে এখন যাত্ৰী বাহী বাছে। এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে।

লক্ষীপুৰ গাইবাণ্ডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় লোকসকলে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰি উদ্ধাৰ কাৰ্য্যৰ বাবে লউৰি অহাৰ লগতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য্য চলায়। এই দুৰ্ঘটনাত এজন লোক নিহত হৈছে যদিও বাতৰি লিখাৰ পৰলৈ লোকজনৰ পৰিচয় লাভ কৰা হোৱা নাই। আৰক্ষীয়ে নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰক্ষীৰ বাবে প্ৰেৰণ কৰাৰ লগতে লোকজনৰ পৰিচয় লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande