হাগ্ৰামাক দোণাচার্য সজাই নিজকে একলব্য আখ্যা দ্বিপেন বড়োৰ
ওদালগুৰি, ১৮ মাৰ্চ (হি.স.)। ওদালগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ টিকট লাভৰ পাছতেই হাগ্রামা মহিলাৰীৰ প্রতি নৰম স্থিতিত দেখা গৈছে এবছু ৰ প্রাক্তন সভাপতি তথা ইউপিপিএল প্রার্থী দ্বিপেন বড়ো। হাগ্ৰামাক দোণাচার্য সজাই নিজকে একলব্য আখ্যা দ্বিপেন বড়োৰ।
হাগ্ৰামাক দোণাচার্য সজাই নিজকে একলব্য আখ্যা দ্বিপেন বড়োৰ


ওদালগুৰি, ১৮ মাৰ্চ (হি.স.)। ওদালগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ টিকট লাভৰ পাছতেই হাগ্রামা মহিলাৰীৰ প্রতি নৰম স্থিতিত দেখা গৈছে এবছু ৰ প্রাক্তন সভাপতি তথা ইউপিপিএল প্রার্থী দ্বিপেন বড়ো। হাগ্ৰামাক দোণাচার্য সজাই নিজকে একলব্য আখ্যা দ্বিপেন বড়োৰ। প্রমোদ বড়ো, হিমন্ত বিশ্ব শর্মাৰ লগতে হাগ্রামা মহিলাৰীকো নিজৰ ৰাজনৈতিক গুৰু আখ্যা দ্বিপেন বড়োৰ।

তেওঁ কয় যে, হাগ্ৰামা মহিলাৰীক মই মোৰ ৰাজনৈতিক গুৰু হিচাপে মানি আহিছো। প্রমোদ বড়ো আৰু হাগ্রামা মহিলাৰী দোয়ো আঞ্চলিকতাবাদক ধৰি ৰাখিছে। যাৰবাবে তেওঁলোক মোৰ ৰাজনৈতিক গুৰু বুলি দোহাৰিলে নেতাগৰাকীয়ে। আনহাতে, হাগ্রামা মহিলাৰীয়ে দ্বিপেন বড়োই ২৫ বছৰীয়া ছাত্র ৰাজনীতিত কেৱল বিটিচি পৰিষদ ভঙাৰ হে কাম কৰিলে বুলি কোৱা মন্তব্যত দ্বিপেন বড়োই কয় লে, আৱেগৰ বশৱৰ্তীত ছাত্র-ছাত্রীসকলে তেনে কার্য কৰিছিল। তৃতীয় শক্তিৰ প্রৰোচনাত সংঘটিত হৈছিল কোকৰাঝাৰ এচেমব্লী ভঙা কার্য। দ্বিপেন বড়োই কয় যে, হাগ্রামা মহিলাৰীক তেঁও ৰাজনৈতিক গুৰ হিচাপে মানে। নিজকে একলব্যৰ লগত তুলনা কৰি দ্রোণাচার্য্য আৰু একলব্যৰ কথা দোহাৰে দ্বিপেন বড়োই। এদিন হলেও মহিলাৰীক গুৰুদক্ষিণা দিম বুলি মন্তব্য আগবঢ়ায় দ্বিপেন বড়োই। আনহাতে, ৰিহন দৈমাৰীয়ে ওদালগুৰি সমষ্টিত মন্ত্রী হৈ থাকিও একো কাম কৰিব পৰা নাই বুলি কয় দ্বিপেন বড়োৱে। লগতে, হাগ্রামা মহিলাৰীৰ পত্নী আৰু ৰিহন দৈমাৰীৰ পুত্রই পিতৃক বিধানসভালৈ পঠিয়াই নিজে পাৰিষদ হবৰ মন মেলা কার্যক BPF ৰ পৰিয়ালবাদৰ আৰম্ভনি বুলি দোহাৰে দ্বিপেন বড়োই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande