
নতুন দিল্লী, ১৮ মাৰ্চ (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাধৱী নিৰঞ্জন জ্যোতিক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বুধবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে ।
ছ’চিয়েল মিডিয়াত দায়িত্ব লোৱাৰ ফটো শ্বেয়াৰ কৰি সাধ্বী নিৰঞ্জন জ্যোতিয়ে লিখিছে, “পিছপৰা শ্ৰেণীৰ মৰ্যাদা, অধিকাৰ সুৰক্ষা, আৰু সামগ্ৰিক উন্নয়নৰ বাবে উৎসৰ্গিত এই দায়িত্ব তেওঁক অৰ্পণ কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।” তেখেতে আৰু লিখিছে, ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে যাতে পিছপৰা শ্ৰেণীৰ লোকসকলে ন্যায়, নিৰাপত্তা, সন্মান, আৰু উন্নয়নৰ সমান সুযোগ পায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া