
নতুন দিল্লী, ১৮ মাৰ্চ (হি.স.)। মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়ালক ২ লাখ ₹ৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ আৰু সা-সম্পত্তি হেৰুৱাই তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে মৃতকৰ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এক্স গ্ৰেচিয়া লাভ কৰিব, আনহাতে আহতসকলে ৫০ হাজাৰ টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে আজি পুৱা প্ৰায় ৪ বজাত মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা ঘৰত বৈদ্যুতিক গাড়ীৰ চাৰ্জিং চিষ্টেমৰ দ্বাৰা সংঘটিত হোৱা শ্বৰ্ট চাৰ্কিট দুৰ্ঘটনাত ৬ জন লোক জীৱিত অৱস্থাত জ্বলি যোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া