
কোকৰাঝাৰ, ১৮ মাৰ্চ (হি.স.)। কামতাপুৰ ষ্টেট ডিমান্ড কমিটি চমুকৈ কে এছ ডি চি নামৰ সংগঠনটো সমাগত অসম আৰু পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে সষ্টম হৈ আছে।
আজি কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত অনুষ্ঠিত কৰা এক সংবাদমেলত কে এ ডি চি ৰ বাওখুংগ্ৰী নিৰ্বাচনী পৰিচালনা সমিতিৰ আহ্বায়ক প্ৰফুল্ল কুমাৰ ৰায়ে এক সংবাদমেলত ঘোষণা কৰে যে সমাগত বিধানসভা নিৰ্বাচনত কে এছ ডি চি বহি নাথাকে। কে এল অৰ লগত শান্তি চুক্তি কৰা, কোচ ৰাজবংশী সকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত শাসনাধিষ্ঠ দলৰ নিৰ্লিপ্ততা পৰিলক্ষিত হৈছে। ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ কোকৰাঝাৰ জিলাৰ আটাই কেইটা সমষ্টি আৰু ধুবুৰী জিলাৰ গোলোকগঞ্জ বিধানসভা সমষ্টিত ইতিমধ্যে আমি নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ সাজু হৈছোঁ। দুদিন পিছত প্ৰাৰ্থী দিয়া বা কোনো ৰাজনৈতিক দলক সমৰ্থন দিয়াৰ কথা প্ৰকাশ কৰা হ'ব। সংবাদমেলত উপস্থিত থাকে দলটোৰ বিভিন্ন নেতা কৰ্মী সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ