হাজোৰ বিদ্য়ালয়ত চুৰিৰ ঘটনা
কামৰূপ, ১৮ মাৰ্চ (হি.স.)। হাজোত এইবাৰ চোৰৰ শেনচকু পৰিল বিদ্যালয়ত। নিশা হাজোৰ ফকিৰটোলাস্হিত এফ এম হাইস্কুলত চোৰে চলালে চাফাই অভিযান। বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, এটি ঘণ্টাৰ লগতে বহু মূল্যৱান নথি পত্ৰ। ইতিমধ্যে ঘটনা সম
হাজোৰ বিদ্য়ালয়ত চুৰিৰ ঘটনা


কামৰূপ, ১৮ মাৰ্চ (হি.স.)। হাজোত এইবাৰ চোৰৰ শেনচকু পৰিল বিদ্যালয়ত। নিশা হাজোৰ ফকিৰটোলাস্হিত এফ এম হাইস্কুলত চোৰে চলালে চাফাই অভিযান। বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, এটি ঘণ্টাৰ লগতে বহু মূল্যৱান নথি পত্ৰ।

ইতিমধ্যে ঘটনা সম্পৰ্কে হাজো আৰক্ষীক অৱগত কৰাত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে বিদ্যালয় খনত এইবাৰকে ধৰি পাঁচ বাৰ চুৰি কাণ্ড সংঘটিত হোৱাত ক্ষোভ প্ৰকাশ কৰে বিদ্যালয় খনৰ অধ্যক্ষ ফজল আহমেদ খানে। অতি শীঘ্ৰে গভাইত চোৰক কৰায়ত্ত কৰি চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘতে তাৰ নিশ্চিতি কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় বিদ্যালয়কৰ্তৃপক্ষ তথা স্থানীয় সচেতন লোকসকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande