
কামৰূপ, ১৮ মাৰ্চ (হি.স.)। বাইহাটা চাৰিআলিত ৰন্ধন গেছৰ নাটনি । ৰন্ধন গেছৰ চিলিণ্ডাৰ লৱলৈ দীঘলীয়া শাৰী । পুৱাৰ পৰা আবেলিলৈকে এটি ভৰ্তি চিলিণ্ডাৰ লবলৈ ৰ'দ বৰষুণ মূৰৰ ওপৰত লৈ শাৰী পাতি থিয় হৈ থাকিব লগীয়া হৈছে গ্ৰাহক ।
তাৰ পিচতো কোনো কোনো গাহকে পাবলৈ সক্ষম নয়হয় ভৰ্তি চিলিণ্ডাৰ । কোনো কোনোৱে গেছৰ ৰিচিপত মূল্য ভূল হোৱাৰ বাবে খালি হাতে ওভতিব লগীয়া হৈছে নিজ গৃহলৈ । ইয়াৰোপৰি পৰবৰ্তী চিলিণভ্ডাৰৰ বুকিং ৪৫ দিন কৰি দিয়াটপ্ৰকাশ কৰিছে ক্ষোভ । কিয়নো কোনো এটা পৰিয়ালতে এটি চিলণ্ডাৰ নাযায় বুলিও উল্লেখ কৰে গ্ৰাহকে । পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি এনেদৰে গেছৰ কাৰনে ৰ'দত শাৰী পাতি থিয় হবলগীয়া বাবেও ক্ষোভ প্ৰকাশ কৰিছে গ্ৰাহকে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা