
কোকৰাঝাৰ, ১৮ মাৰ্চ (হি.স.): প্ৰতি বছৰৰ দৰে এইবেলিও ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহৰ নামাজ আৰু ইফতাৰ পাৰ্টিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত শান্তি, একতা, আৰু উন্নয়নৰ বাবে প্ৰাৰ্থনা কৰে। যোৱা কালি মঙ্গলবাৰে সন্ধিয়া তেখেতে ৭ নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰী ঈদগাহ ময়দানত আয়োজন কৰা সমূহীয়া ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে সমুহীয়া সকলোৰে লগত মত বিনিময় কৰে।
বিপিএফৰ ফকিৰাগ্ৰাম ব্লক কমিটিৰ উদ্যোগত অনুষ্ঠিত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি হাগ্ৰামাই কয়, আমি সকলো ধৰ্মকে শ্ৰদ্ধা কৰোঁ। শান্তি আৰু ঐক্য অবিহনে উন্নতি সম্ভৱ নহয়।ইছলাম ধৰ্মত শান্তি আৰু একতাই মূল কথা।গতিকে ইছলাম ধৰ্মাৱলম্বী সকলে শান্তি আৰু একতাৰ অটুট ৰাখি উন্নতিৰ পথত আগুৱাই যাব বুলি মোৰ আশা। আমি জাতি, ধৰ্ম, বৰ্ণৰ মাজত বিভাজন ঘটাই ৰাজনীতি নকৰো। সকলো ধৰ্মৰ মূল কথাই হৈছে শান্তি আৰু ঐক্য। আমি সকলোৱে মিলি শান্তি সম্প্ৰীতি বজাই ৰাখি বিটিচি তথা অসমৰ উন্নতিৰ বাবে কাম কৰি যাব লাগিব৷ ইফতাৰ পাৰ্টিৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেঁও কয় নিৰ্বাচনী অধিসূচনা ঘোষণা হোৱাৰ পাছত বিপিএফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব। বহুতেই টিকট বিচাৰি আবেদন কৰিছে যদিও দলৰ প্ৰতি কাৰ কিমান অবদান আছে আৰু তেওঁৰ প্ৰতি ৰাইজৰ কিমান সমৰ্থন আছে সেই দিশবোৰ বিবেচনা কৰি দলীয় টিকট প্ৰদান কৰা হ'ব বুলি বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে।
উক্ত অনুষ্ঠানত বক্তাৰ আলী আহমেদ, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, পাৰিষদ প্ৰকাশ চন্দ্ৰ ব্ৰহ্ম, এজামুল হক, কেন্দ্ৰীয় কমিটিৰ ড° ৰেজাউল কৰিম আদি নেতৃবৰ্গৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ কেইবা সহস্ৰাধিক উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ