
চণ্ডীগড়, ১৭ মাৰ্চ (হি.স.)। হাৰিয়ানাত ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটদানৰ পাছতে মঙলবাৰে পুৱা প্ৰায় ২:৪৫ বজাত ফলাফল ঘোষণা কৰা হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ সঞ্জয় ভাটিয়াক এখন আসনত আৰু কংগ্ৰেছৰ কৰমবীৰ বৌদ্ধক আনখন আসনত নিৰ্বাচিত হয়। সোমবাৰে দিনজোৰা নাটকীয় ভোটদানৰ পিছত প্ৰায় ১১ ঘণ্টা ধৰি ভোট গণনা অব্যাহত থাকে।
সোমবাৰে সন্ধিয়া ৪ বজালৈকে ৯০ গৰাকী বিধায়কৰ ভিতৰত ৮৮ গৰাকীয়ে ভোটদান কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ দুয়োগৰাকী বিধায়ক অৰ্জুন চৌটালা আৰু আদিত্য দেৱীলালে ভোটদানৰ পৰা বিৰত থাকে। বিধায়কৰ হিচাপৰ ভিত্তিত ইতিমধ্যে বিজেপিৰ সঞ্জয় ভাটিয়া নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছিল । সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বে বিজেপিয়ে টোহানাৰ বিধায়ক পৰমবীৰ সিং আৰু এলেনাবাদৰ বিধায়ক ভাৰত সিং বেনিৱালৰ ভোটত আপত্তি কৰি নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰে।
ইফালে, কেবিনেট মন্ত্ৰী অনিল বিজৰ ভোটত আপত্তি দাখিল কৰে কংগ্ৰেছে। বিতৰ্ক তীব্ৰতৰ হোৱাৰ লগে লগে নিশা প্ৰায় ৯:৩০ বজাত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে এজাহাৰ দাখিল কৰে।
নিশা প্ৰায় ১১:৩০ বজাত কংগ্ৰেছৰ বিধায়ক পৰমবীৰ সিঙৰ ভোট নাকচ হোৱাৰ বিপৰীতে ভাৰত সিং বেনিৱাল আৰু অনিল বিজৰ ভোট বৈধ বুলি ঘোষণা কৰা হয়। ইয়াৰ পিছতে গণনাৰ নিৰ্দেশ জাৰি কৰা হয়।
ভোট গণনাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি নেতাৰ মাজত কেইবাটাও উত্তপ্ত বিতৰ্কৰ ঘটনা সংঘটিত হয় । গণনা অনুসৰি পাঁচজন কংগ্ৰেছ বিধায়কে ক্ৰছ ভোট দিছিল আৰু মুঠ ৫টা ভোট নাকচ কৰা হৈছিল, য’ত বিজেপিৰ এটা ভোটও আছিল। ইয়াৰ অৰ্থ হ’ল ৮৮ (ভোট প্ৰত্যাখ্যান) - ৫ (ভোট প্ৰত্যাখ্যান) = ৮৩ (বৈধ ভোট), মুঠ ভোটৰ মূল্য ৮৩০০। এই অনুসৰি নিৰ্বাচনত জয়ী হ’বলৈ এজন প্ৰাৰ্থীক ২৭৬৬.৬৬ কোটা ভোটৰ প্ৰয়োজন হৈছিল ।
সঞ্জয় ভাটিয়াই ২৭৬৬.৬৬, কৰমবীৰ বৌদ্ধে ২৮০০ আৰু নিৰ্দলীয় প্ৰাৰ্থী সতীশ নন্দলে ২৭৩৩.৩৩ লাভ কৰে। এনে পৰিস্থিতিত নিৰ্দলীয় প্ৰাৰ্থী সতীশ নন্দলৰ বিৰুদ্ধে ০.৩৩ ভোটৰ ব্যৱধানত জয়লাভ কৰে কৰ্মবীৰ বৌদ্ধে। এতিয়াও আনুষ্ঠানিকভাৱে বিজয় ঘোষণা কৰা নাই নিৰ্বাচনী বিষয়াগৰাকীয়ে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া