
নলবাৰী, ১৭ মাৰ্চ (হি.স.): অৰুণোদয়ৰ সুবিধাৰ পৰা পুৰ্বৰ ধৰ্মপুৰ বৰ্তমান বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ককায়া বৰ্নিবাৰী গাঁও পঞ্চায়তৰ ককায়া গাঁৱৰ কৌৰৱপাৰা আৰু গোৰবৰী চুবুৰীৰ বঞ্চিত মহিলাই যোৱা কালি সোমবাৰে নিশা ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ । বিজেপি দলৰ বুথ সভাপতিয়ে প্ৰাপ্য হিতাধীকাৰীক বঞ্চিত কৰি ধনৰ লেন দেন কৰি নিজৰ খেয়াল খুচি মতে অৰুণোদয় আঁচনি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে মহিলাসকলে।
নিজৰ খেয়াল-খুচি মতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰে গাঁওবাসী । দৰিদ্ৰ মহিলাসকলক প্ৰতাৰণা কৰি চহকী লোকক সুবিধা কৰি দিয়াৰ অভিযোগ তুলি বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে বঞ্চিত মহিলাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ