পশ্চিম বংগৰ প্ৰাক্তন গৃহ সচিব জগদীশ প্ৰসাদ মীনাক তামিলনাডুত নিৰ্বাচন পৰ্যবেক্ষক হিচাপে নিযুক্তি
কলকাতা, ১৭ মাৰ্চ (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ ঘোষণাৰ পিছত প্ৰশাসনিক সালসলনি কৰি পদৰ পৰা অপসাৰণ কৰা প্ৰাক্তন গৃহ সচিব জগদীশ প্ৰসাদ মীনাক এতিয়া ভাৰতৰ নিৰ্বাচন আয়োগে তামিলনাডুত নিৰ্বাচন পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। নিৰ্বাচন আয়ো
मुख्य चुनाव अधिकारी मनोज अग्रवाल


কলকাতা, ১৭ মাৰ্চ (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ ঘোষণাৰ পিছত প্ৰশাসনিক সালসলনি কৰি পদৰ পৰা অপসাৰণ কৰা প্ৰাক্তন গৃহ সচিব জগদীশ প্ৰসাদ মীনাক এতিয়া ভাৰতৰ নিৰ্বাচন আয়োগে তামিলনাডুত নিৰ্বাচন পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি তামিলনাডুৰ এটা বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া চোৱাচিতা কৰাৰ দায়িত্ব মীনাক অৰ্পণ কৰা হৈছে। নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পিছত শেহতীয়াকৈ তেওঁক পশ্চিম বংগৰ গৃহ সচিব পদৰ পৰা অপসাৰণ কৰাৰ পিছতে এই নিযুক্তি দিয়া হৈছে।

নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ কিছু ঘণ্টাৰ ভিতৰতে আয়োগে ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষী বিভাগত বৃহৎ পৰিৱৰ্তন সাধন কৰে। গভীৰ নিশাৰ এই সালসলনিত মুখ্য সচিব নন্দিনী চক্ৰৱৰ্তীৰ ঠাইত দুষমন্ত নাৰিয়ালাক নিযুক্তি দিয়াৰ বিপৰীতে সংমিত্ৰ ঘোষক নতুন গৃহ সচিব হিচাপে নিযুক্তি দিয়া হয়।

ইয়াৰ উপৰিও আৰক্ষী প্ৰশাসনতো বৃহৎ পৰিৱৰ্তন কৰা হয়, নতুন আৰক্ষী সঞ্চালক প্ৰধান, কলকাতা আৰক্ষী আয়ুক্ত, আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন আৰু শৃংখলা) নিযুক্তি দিয়া হয়।

এই বদলিসমূহে ৰাজ্যৰ ৰাজনীতিক উত্তপ্ত কৰি তুলিছে। এই মাজনিশা বদলিৰ ওপৰত তীব্ৰ আপত্তি জনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ এখন পত্ৰ লিখিছিল। ইয়াক “মাজনিশাৰ পাৰ্জ” বুলি অভিহিত কৰি ছানীয়ে গভীৰ নিশা বিষয়াসকলক আঁতৰোৱাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে।

আয়োগৰ এই সিদ্ধান্তই ৰাজ্যখনৰ প্ৰশাসনিক গাঁথনিত প্ৰভাৱ পেলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে পৰম্পৰাগতভাৱে নিযুক্তি বা গুৰুত্বপূৰ্ণ পদলৈ বদলি হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পৰা তিনিজনীয়া পেনেল বিচৰা হয়, কিন্তু এইবাৰ, এইটো কৰা নহ’ল।

এই কাৰ্য্যক একপক্ষীয় আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰি মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন উত্থাপন কৰি কয় যে ইয়াৰ বিশ্বাসযোগ্যতা ইয়াৰ নিৰপেক্ষতা, স্বচ্ছতা, আৰু পদ্ধতিগত ন্যায়ৰ ওপৰত নিৰ্ভৰশীল।

বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে কেৱল বিষয়াক অপসাৰণ কৰাটোৱেই যথেষ্ট নহয়; তেওঁলোকক ৰাজ্যৰ বাহিৰলৈ পঠিয়াব লাগে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আয়োগে মীনাক ৰাজ্যৰ বাহিৰলৈ পঠোৱাৰ সিদ্ধান্তই ৰাজনৈতিক পৰিৱেশ আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰে। ইয়াৰ ফলত বিৰোধীয়ে আয়োগে নিৰ্দিষ্ট ৰাজনৈতিক হেঁচাত কাম কৰি আছে বুলি অভিযোগ কৰাৰ সুযোগ পাব পাৰে।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ একেবাৰে আৰম্ভণিতে ৰাজ্য প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতে অনাগত দিনত ৰাজনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande