
গোলাঘাট, ১৭ মাৰ্চ (হি.স.)। নিৰ্বাচন আহে,নিৰ্বাচন যায় ৷ সলনি নহয় ভোটাৰৰ সমস্যা । নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি,প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ বিগত সময়ছোৱাত ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমুহ পালন কৰাত ব্যৰ্থ বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা । বোকাখাত সমষ্টিৰ কাজিৰঙাৰ বচাগাওঁৰ এখন গাওৰ ৰাইজৰ বিভিন্ন সমস্যাই উন্মোচন কৰিছে সমষ্টি উন্নয়নৰ ফোপোলা স্বৰূপ ৷
মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তগত কাজিৰঙাৰ বচাগাওঁৰ এই পথছোৱাৰে দৈনিক যাতায়ত কৰে শ শ লোকে ৷ ছাত্ৰ ছাত্ৰী,ৰোগীকে ধৰি সকলো লোকে যাতায়ত কৰা পথছোৱাই জ্বলাকলা খুৱাইছে কেইবা খনো গাওঁৰ ৰাইজক ৷ বাৰম্বাৰ পথছোৱা নিৰ্মাণৰ বাবে আৱেদন নিৱেদন কৰিও বিফল হৈছে ৰাইজ ৷পথৰ সমান্তৰালকৈ ৰাইজে আজিকোপতি নাপালে জলজীৱন মিছনৰ সুবিধা ৷ গাওঁখনৰ ৰাইজৰ অভিযোগ জনপ্ৰতিনিধিয়ে কেৱল ভোট কিনিবলৈহে এই অঞ্চলবোৰলৈ আহে ৷নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত এবাৰো দেখা পোৱা নাযায় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা