তিনিচুকীয়া জিলাৰ বৰডুমচাত প্ৰবল ধুমুহা, শিলাবৃষ্টিত বিস্তৰ ক্ষয় ক্ষতি
তিনিচুকিয়া, ১৭ মাৰ্চ (হি.স.)। বৰডুমচাৰ মহং গাঁৱত প্ৰৱল ধুমুহা শিলাবৃষ্টি আৰু মূষলধাৰ বৰষুণৰ ফলতঃ বিস্তৰ ক্ষয় ক্ষতি। তিনিচুকিয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ বৰডুমচাৰ মহং গাঁৱত প্ৰবল ধুমুহা, শিলাবৃষ্টি আৰু মূষলধাৰ বৰষুণৰ ফল
তিনিচুকীয়া জিলাৰ বৰডুমচাত প্ৰবল ধুমুহা, শিলাবৃষ্টিত বিস্তৰ ক্ষয় ক্ষতি


তিনিচুকিয়া, ১৭ মাৰ্চ (হি.স.)। বৰডুমচাৰ মহং গাঁৱত প্ৰৱল ধুমুহা শিলাবৃষ্টি আৰু মূষলধাৰ বৰষুণৰ ফলতঃ বিস্তৰ ক্ষয় ক্ষতি। তিনিচুকিয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ বৰডুমচাৰ মহং গাঁৱত প্ৰবল ধুমুহা, শিলাবৃষ্টি আৰু মূষলধাৰ বৰষুণৰ ফলতঃ বিস্তৰ ক্ষয় ক্ষতি । কাৰোবাৰ যদি ফল মূল, শাক পাচলি,চাহ খেতি ধ্বংস হৈছে কাৰোবাৰ ঘৰৰ ছাল উৰুৱাই নিয়াৰ উপৰিও কাৰোবাৰ সম্পূৰ্ণ ঘৰ ধ্বংস হৈ গৃহহীন কৰি গৈছে।

গুৰুত্বপূৰ্ণ বিষয় যে এই বিস্তৰ ক্ষতিৰ মাজতে কথমপি প্ৰাণ ৰক্ষা বহুজনৰ আৰু বহুজন লোক বৰ্তমানো আহত অৱস্থাত আছে বুলিও জানিব পৰা গৈছে। বাতৰি পৰিৱেশন কৰা সময়লৈকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যবস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উক্ত গাঁৱৰ পুৰণি পুখুৰী গাঁৱ পঞ্চায়তৰহৈ ৱাৰ্ড সদস্য জোনমণি মৰাণে উপস্থিত হৈ খবৰ লৈছে, সমান্তৰালকৈ গাওঁ প্ৰধান জীৱন শইকীয়াইয়ো ঘটনাস্থলীত উপস্থিত হৈ খবৰ লৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুৰ্য্যোগ প্ৰশমন বিভাগে উক্ত ধুমুহাৰ ফলত অসহনীয় অৱস্থাৰ সন্মুখীন হোৱা দুৰ্ভগীয়া পৰিয়াল সকলৰ সাহাযাৰ্থে কি সু-ব্যৱস্থা গ্ৰহণ কৰিব পৰবৰ্তী সময়ত স্পষ্ট হব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande