ধুবুৰীত আৰক্ষীৰ অভিযানত ছয়টা চোৰাং গো-ধন জব্দ
ধুবুৰী, ১৭ মাৰ্চ (হি.স.)। ধুবুৰীত ছয়টাকৈ চোৰাং গো-ধন জব্দ। ব্ৰহ্মপত্ৰ নদীত খেদি খেদি ছয়টা কৈ চোৰাং গো-ধন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। গোপন খবৰৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীৰ এটা বৃহৎ দলে নিশা অভিযান চলাই ছয়টা কৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী
ধুবুৰীত আৰক্ষীৰ অভিযানত ছয়টা চোৰাং গো-ধন জব্দ


ধুবুৰী, ১৭ মাৰ্চ (হি.স.)। ধুবুৰীত ছয়টাকৈ চোৰাং গো-ধন জব্দ। ব্ৰহ্মপত্ৰ নদীত খেদি খেদি ছয়টা কৈ চোৰাং গো-ধন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে।

গোপন খবৰৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীৰ এটা বৃহৎ দলে নিশা অভিযান চলাই ছয়টা কৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে।

ধুবুৰী জিলাৰ মাজেৰ চৰ কালাইখোৱা চৰৰ ব্ৰহ্মপুত্ৰ নদীত খেদি খেদি আৰক্ষীয়ে জব্দ কৰে গো ধন সমূহ।

আৰক্ষী অহাৰ উমান পায় গো-ধন সৰবৰাহকাৰী সকলে পলায় যাবলৈ সক্ষম হয়। উল্লেখ্য যে ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী অঞ্চল ফলিমাৰী ঘাটৰ পৰা দীৰ্ঘদিনৰ পৰা মাজেৰ চৰ লৈ পৰবৰ্তী সময়ত বাংলাদেশ লৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। দীৰ্ঘদিনৰ পৰা ফলীমাৰি পাৰঘাটৰ পৰাই এই অবৈধ গো ধনৰ কাৰবাৰ চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। আজিৰ আৰক্ষীৰ অভিযান যদি প্ৰতিদিনে অব্যাহত থাকে তেন্তে নিশ্চয় গো– ধন সৰবৰাহকাৰী কাৰবাৰ বন্ধ হৈ পৰিব।

কিন্তু আৰক্ষীৰ উক্ত অভিযান কিমান দিন অব্যাহত থাকিব সেয়া হব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande