
গোলাঘাট, ১৭মাৰ্চ (হি.স.)। সৰুপথাৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব জীৱন চুতীয়াই। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই সৰুপথাৰত উৎসৱমুখৰ পৰিৱেশ। সৰুপথাৰ সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ প্ৰতিক্ৰিয়া।
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনী গৰম বতাহ। শেহতীয়াকৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ বাবে বিৰোধী ঐক্যমঞ্চ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জীৱন চুতীয়াৰ নাম ঘোষণা কৰাৰ লগে লগে অঞ্চলটোত এক নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি হৈছে।
সৰুপথাৰত উৎসৱমুখৰ পৰিৱেশ। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই জীৱন চুতীয়াক সৰুপথাৰ সমষ্টিৰ বাবে মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে সৰুপথাৰৰ ৰাজপথত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। সহস্ৰাধিক সমৰ্থকৰ আনন্দোল্লাস সৰুপথাৰস্থিত জীৱন চুতীয়াৰ বাসগৃহত। প্ৰাৰ্থী ঘোষণাৰ পাছতেই জাতীয় পৰিষদৰ লগতে মিত্ৰজোঁটৰ অন্তৰ্ভুক্ত বিভিন্ন দলৰ কৰ্মী আৰু সমৰ্থক সকলৰ জীৱন চুতীয়া জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনি দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু