
নগাঁও, ১৭ মাৰ্চ (হি.স.): নগাঁৱৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোমোঠা গাঁৱত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক ।
জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰে তীব্ৰ বেগত অহা ছয়জনীয়া এটা বাইকৰ দলে পাছ ফালৰ পৰা প্ৰচণ্ড খন্দা মাৰে আন এজন বাইক আৰোহিক । নিজ গৃহ পাবলৈ মাত্ৰ ১০০ মিটাৰ থকা অৱস্থাত লোহিত শৰ্মা নামৰ ব্যক্তিজন এই দুৰ্ঘটনাত পতিত হয় । সংকটজনক অৱস্থাত লোহিত শৰ্মাক চিকিৎসালৈ প্ৰেৰণ কৰা হয় ।আনহাতে আন দুইজন যুৱককো উন্নত চিকিৎসাৰ বাবে চিকিৎসাললৈ নিয়া হয় ।উল্লেখ্য যে একাংশ উদণ্ড যুৱকে তীব্ৰ বেগত বাইক চলাই ইতিমধ্যেই কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ