জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত এজন
মৰিগাও, ১৭ মাৰ্চ (হি.স.)। জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা । দেওশাল মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাত নিহত এজন । আন এজনৰ অৱস্থা সংকটজনক । দুয়ো আছিল এএছ-২১এইছ-৬০১৯ নম্বৰ বাইকৰ আৰোহী । তীব্ৰবেগী বাইক খনে কোনো বাহনক খুন্দি
জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত এজন


মৰিগাও, ১৭ মাৰ্চ (হি.স.)। জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা । দেওশাল মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাত নিহত এজন । আন এজনৰ অৱস্থা সংকটজনক । দুয়ো আছিল এএছ-২১এইছ-৬০১৯ নম্বৰ বাইকৰ আৰোহী । তীব্ৰবেগী বাইক খনে কোনো বাহনক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই যুৱক দুজনৰ পৰিচয় । গুৰুতৰভাৱে আহত যুৱক জনক দেৱসিং আমচি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে দুয়োজন যুৱকৰ মোবাইল ফোন দুটা ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande