এনচিবিৰ প্ৰতিষ্ঠা দিৱসত অমিত শ্বাহৰ এনচিবিৰ কৰ্মীসকলক শুভেচ্ছা
নতুন দিল্লী, ১৭ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ প্ৰতিষ্ঠা দিৱসত উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। অমিত শ্বাহে টুইটাৰত লিখিছে, এনচিবিৰ কৰ্মীসকলক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত আন্তৰিক শুভেচ্ছা!
गृहमंत्री अमित शाह


নতুন দিল্লী, ১৭ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ প্ৰতিষ্ঠা দিৱসত উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

অমিত শ্বাহে টুইটাৰত লিখিছে, এনচিবিৰ কৰ্মীসকলক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত আন্তৰিক শুভেচ্ছা! আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছ সেৱনৰ মহামাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে উৎসৰ্গিত প্ৰধান সংস্থা এনচিবিয়ে দক্ষতা আৰু যোগ্যতাৰে নিজৰ দায়িত্ব পালন কৰি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ড্ৰাগছমুক্ত ভাৰত'ৰ প্ৰতিশ্ৰুতিক উল্লেখযোগ্য গতিৰে বাস্তৱায়িত কৰিছে। ৰাষ্ট্ৰই তেওঁলোকৰ সমৰ্পন আৰু দেশপ্ৰেমৰ প্ৰশংসা কৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande