আবতৰীয়া বৰষুণৰ ফলত বাক্সাত সৰিয়হ খেতি বিনস্ত
বাক্সা, ১৭ মাৰ্চ (হি.স.)। বাক্সাত মুৰে কপালে হাত দিছে বহু কৃষকে। মূৰৰ ঘাম মাটিত পেলাই কৰা সৰিয়হ খেতিদৰা বৰ্তমান পানীৰ তলত। বিগত এসপ্তাহে হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত নষ্ট হৈছে সৰিয়হ খেতি। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত থমনা, ভেবলা, বৰি
আবতৰীয়া বৰষুণৰ ফলত বাক্সাত সৰিয়হ খেতি বিনস্ত


বাক্সা, ১৭ মাৰ্চ (হি.স.)। বাক্সাত মুৰে কপালে হাত দিছে বহু কৃষকে। মূৰৰ ঘাম মাটিত পেলাই কৰা সৰিয়হ খেতিদৰা বৰ্তমান পানীৰ তলত।

বিগত এসপ্তাহে হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত নষ্ট হৈছে সৰিয়হ খেতি। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত থমনা, ভেবলা, বৰিমাখা, দেৱচাৰাকে ধৰি কেইবা খনো পথাৰত এতিয়া দুখলগা ছবি।

হাজাৰ হাজাৰ টকা খৰচ কৰি কৰা খেতিদৰা এতিয়া নষ্ট হৈছে বৰষুণৰ পানীত। বহু কৃষকে সৰিয়হবোৰ উভালি থৈ ঘৰলৈ অনাৰে সুবিধা নাপালে যাৰ ফলত সম্পূৰ্ণৰূপে বিনষ্ট হৈ গৈছে ফল ধৰা সৰিয়হ। পথাৰতে এনেদৰে সৰিয়হ বোৰ নষ্ট হোৱাত হতাশ হৈ পৰিছে কৃষক সকল।

যাৰবাবে এই সকলে কৃষকে বৰ্তমান সহায় বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande