টেংগন’পাল জিলাৰ পাহাৰীয়া অঞ্চলৰ পৰা উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ আৰু ৯টা আই ই ডিৰ বৃহৎ ভাণ্ডাৰ
ইম্ফল, ১৭ মাৰ্চ (হি.স.)। মণিপুৰত অবৈধ অস্ত্ৰ জব্দ অবিৰতভাৱে অব্যাহত আছে। টেংগন’পাল জিলাৰ পাহাৰীয়া অঞ্চলত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চলোৱা তালাচী অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰা হয়। অৱশ্যে এই গোচৰত কোনো লোকক গ
मणिपुरः तेंगनौपाल जिले के पहाड़ी क्षेत्र से बरामद हथियार एवं विस्फोटक


ইম্ফল, ১৭ মাৰ্চ (হি.স.)। মণিপুৰত অবৈধ অস্ত্ৰ জব্দ অবিৰতভাৱে অব্যাহত আছে। টেংগন’পাল জিলাৰ পাহাৰীয়া অঞ্চলত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চলোৱা তালাচী অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰা হয়। অৱশ্যে এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

আজি পুৱা মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে দেওবাৰে টেঙনৌপাল জিলাৰ মাচি থানা এলেকাৰ অন্তৰ্গত বলজাং পাহাৰৰ সাধাৰণ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ৮টা আই ই ডি, এটা পিষ্টল, এটা পিষ্টল মেগজিন, এটা ইম্প্ৰভাইজড মৰ্টাৰ, দুটা মটৰ’লা ৰেডিঅ’ চেট, দুটা মটৰ’লাৰ বেটাৰী, আৰু বিভিন্ন কেলিবাৰৰ ৯টা লাইভ কাৰ্টিজ।

উদ্ধাৰ কৰা আই ই ডিসমূহ থিতাতে ধ্বংস কৰা হয়, সুৰক্ষা প্ৰট’কল আৰু মানক অপাৰেটিং পদ্ধতি অনুসৰণ কৰি। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অধিক আইনী ব্যৱস্থা আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande