কচুৱাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন
নগাঁও, ১৭ মাৰ্চ (হি.স.)। নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় । যোৱা কালি সোমবাৰে নিশা নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰ, মাধৱপাৰা, আলিটাঙনী, লংজাপ, পদুমণি, পাহাৰতলি আদি কৰি বহু কেইখন গাঁৱত প্ৰচণ্ড ধুমুহাৰ
কচুৱাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন


নগাঁও, ১৭ মাৰ্চ (হি.স.)। নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় । যোৱা কালি সোমবাৰে নিশা নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰ, মাধৱপাৰা, আলিটাঙনী, লংজাপ, পদুমণি, পাহাৰতলি আদি কৰি বহু কেইখন গাঁৱত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

প্ৰচণ্ড ধুমুহাত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ, গছ গছনি ভাঙি বিস্তৰ ক্ষতি সাধন হয়। ইপিনে জুৰিৰপাৰৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ খুটি আৰু বিদ্যুৎ তাৰ চিঙি যোৱাত বৰ্তমান ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande