
কামৰূপ, ১৭ মাৰ্চ (হি.স.)। মুষলধাৰ ধুমুহা-বৰষুণত ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট হয় । তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এইদৰে খেতিৰ ক্ষতিসাধন হয় । ইয়াৰ পিছতে স্থানীয় কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে । যি খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল সেই খেতিৰ পৰা এতিয়া এক কেজিও ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ ভূক্তভোগী কৃষকসকলৰ। কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু