দেশজুৰি এইচ পি ভি টিকাকৰণ অভিযানে গতি লাভ, দুসপ্তাহত ৩ লাখ কিশোৰীৰ টিকাকৰণ
নতুন দিল্লী, ১৭ মাৰ্চ (হি.স.)। দেশজুৰি হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ টিকাকৰণ অভিযানে গতি লাভ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ মতে, অভিযান আৰম্ভ হোৱাৰ মাত্ৰ দুসপ্তাহৰ ভিতৰতে ১৪ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰায় তিনি লাখ কিশোৰীক টিকাকৰ
स्वास्थ्य मंत्रालय का लोगो


নতুন দিল্লী, ১৭ মাৰ্চ (হি.স.)। দেশজুৰি হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ টিকাকৰণ অভিযানে গতি লাভ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ মতে, অভিযান আৰম্ভ হোৱাৰ মাত্ৰ দুসপ্তাহৰ ভিতৰতে ১৪ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰায় তিনি লাখ কিশোৰীক টিকাকৰণ কৰা হৈছে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই মঙলবাৰে কয় যে মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, গুজৰাট, ওড়িশা, মিজোৰামৰ দৰে ৰাজ্যই এই অভিযানৰ নেতৃত্ব দিছে। এই ৰাজ্যসমূহত বিদ্যালয় আৰু স্বাস্থ্য বিভাগৰ সহযোগত বৃহৎ পৰিসৰত টিকাকৰণৰ কাম চলি আছে।

মহিলাৰ অন্যতম সাধাৰণ কেন্সাৰ ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ কৰাত এইচ পি ভি ভেকচিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । স্বাস্থ্য বিষয়াসকলে কয় যে অভিভাৱক, বিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত এই অভিযানৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে, যাৰ ফলত টিকাকৰণৰ প্ৰতি ইতিবাচক সঁহাৰি পোৱা গৈছে।

শৈক্ষিক অধিবেশনৰ সময়ত এই অভিযান আৰম্ভ কৰা হয়। বৰ্তমান বহু ৰাজ্যত পৰীক্ষা চলি থকাৰ পাছতো টিকাকৰণৰ হাৰ অধিক হৈয়ে আছে। বিষয়াসকলে নিশ্চিত কৰিছে যে পৰীক্ষাৰ বতৰ শেষ হোৱাৰ পিছত এই অভিযান তীব্ৰতৰ হ’ব, যাৰ ফলত অধিক কিশোৰী ছোৱালীয়ে লাভৱান হ’ব ।

স্বাস্থ্য বিভাগে বিদ্যালয়, স্থানীয় সংস্থা, আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে টিকাকৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে কাম কৰি আছে। অভিভাৱকসকলকো যোগ্য কন্যাসকলক সময়মতে টিকাকৰণৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনোৱা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ কন্যা সন্তানক ছাৰ্ভাইকেল কেন্সাৰৰ পৰা ৰক্ষা কৰাৰ বাবে এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande