বিজনী জিলা বিপিএফৰ কাৰ্যনিৰ্বাহক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী
বিজনী জিলা বিপিএফৰ কাৰ্যনিৰ্বাহক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।
বিজনী জিলা বিপিএফৰ কাৰ্যনিৰ্বাহক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী


চিৰাং ১৭ মাৰ্চ (হি.স.):বিজনী জিলা বিপিএফৰ কাৰ্যনিৰ্বাহক সভাত কালি সন্ধিয়া উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । বিজনী বড়কালিবাৰীত অনুষ্ঠিত হয় জিলা বিপিএফৰ কাৰ্যনিৰ্বাহক সভা । বিটিচিৰ ১৫ টা সমষ্টি এনডিএ হিচাপে প্ৰাৰ্থী দিব, ১৫ টাই জিকিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

ইফালে হাগ্ৰামা মহিলাৰীৰ সহধৰ্মীনিয়ে মনোনয়ন পত্ৰ দাখিল কৰা সন্দৰ্ভত মোৰ পত্নীয়ে নিৰ্বাচন খেলিব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰে সাংবাদিকক । তেওঁ লগতে কয় যে মনোনয়ন দিয়া মানে ৰাজনীতিত অহা হয় নেকি? চন্দন ব্ৰহ্ম বিপিএফত অহা নহা তেওঁৰ নিজৰ কথা । আমাৰ দৰ্জা খোলা, সকলোৱে আহিব পাৰে । যিকোনো দলৰ পৰা আহিলে আমি লম । ইপিপিএল এন ডি এত আছে। এনডিএত নাই বুলিতো ক'ব নোৱাৰে, এনডিএত থাকিয়েতো প্ৰমোদ বড়ো আজি ৰাজ্যসভাৰ সাংসদ পালে। আনহাতে ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰীয়ে বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত কোন ৰাজু নাৰ্জাৰী চিনি নাপাওঁ বুলি কয় হাগ্ৰামাই। ৰাজু নাৰ্জাৰীয়ে নিজা ববিয়াকৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে। লাভ লেটাৰো দিব পাৰে। প্ৰমোদ বড়োই এনডিএত নাই বুলি লেটাৰ দিলে মানি ল’ব বুলিও হাগ্ৰামাই মন্তব্য় কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande