
ধেমাজি, ১৭ মাৰ্চ (হি.স.)। স্বাধীনতাৰ ৭৬ বছৰ পিছতো ধেমাজিৰ সমষ্টিৰ গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত গোগামুখৰ চাওতাল পুৰ অঞ্চলটোত আজিও বাট পথ, দলঙ বিধ্বস্ত ৰূপ ধাৰণ কৰিছে । নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতিৰ দিয়ে । কিন্তু সমস্যা সমূহ আজিও সামাধান নোহোৱাত স্থানীয় ৰাইজে এইবাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ।
ৰাইজৰ অভিযোগ অনুসৰি উন্নয়নৰ আঁচনিয়ে স্পৰ্শ কৰা নাই চাওতাল পুৰ বাসীক। ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিত উন্নয়নৰ শোচনীয় ৰূপ বিধ্বস্থ বাট পথে দাঙি ধৰিছে। সূচল যাতায়ত অভাৱত ভোগাৰ সমান্তৰালকৈ চাৰিখনকৈ বাঁহৰ দলঙে বিপদসংকুল যাত্ৰা কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ ৰাইজ । অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীয়ে বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হোৱাত বহু সময়ত দুৰ্ঘটনা সংঘটিত হয় ।
ধেমাজিৰ সমষ্টিৰ গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত চাওতাল পুৰ ৰাইজক নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতিৰ দিয়ে। কিন্তু সমস্যা সমূহ আজিও সামাধান নোহোৱাত স্থানীয় ৰাইজে এইবাৰ ভোট বৰ্জন কৰিব।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা