
কামৰূপ, ১৭ মাৰ্চ (হি.স.)। ৰঙিয়াত কলেজীয়া ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰঙিয়াৰ গোপালপুৰৰ জয়ন্ত বেজবৰুৱা নামৰ ২০ বছৰীয়া ছাত্ৰজন সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পৰিয়ালৰ লোকৰ মনত । ৰঙিয়া মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ জয়ন্ত বেজবৰুৱাই পুৱা মাতৃক মহাবিদ্যালয়লৈ আহিব বুলি জানিবলৈ দি ঘৰৰ পৰা ওলাই আহে । কিন্তু অপ্ৰত্যাশিতভাবে সন্ধিয়াৰ ভাগলৈ ঘৰলৈ ওভটি নোযোৱাক লৈ উৎকণ্ঠিত হৈ পৰে পৰিয়ালৰ লোকসকল।
ইতিমধ্যে বিভিন্ন স্থানত যোগাযোগ কৰিও কোনো ধৰনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল । উপায়ন্তৰ বিহীন হৈ ছাত্ৰ গৰাকীৰ মাতৃয়ে কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে মাতৃয়ে । উল্লেখ্য যে ৰঙিয়াৰ পৰা গুৱাহাটী মহানগৰীত অনুষ্ঠিত সভাত অংশগ্ৰহণৰ উদ্দেশ্য ৰাওনা হোৱা এগৰাকী ব্যক্তি নিৰুদ্দেশ হৈ অহাৰ সময়তে পুনৰ কলেজীয়া ছাত্ৰ এগৰাকী অনুৰূপ ঘটনাৰ বলি হোৱাটোৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু