পশ্চিম বংগৰ নতুন ডিজিপি সিদ্ধনাথ গুপ্তা, অজয় কুমাৰ নন্দ কলকাতাৰ নতুন আৰক্ষী আয়ুক্ত
কলকাতা, ১৬ মাৰ্চ (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ঘোষণাৰ পিছতে ৰাজ্যখনৰ প্ৰশাসনিক গাঁথনিত ব্যাপক পৰিৱৰ্তন অব্যাহত ৰাখি নিৰ্বাচন আয়োগে এতিয়া শীৰ্ষ আৰক্ষী শাৰীত পৰিৱৰ্তন সাধন কৰিছে । ভোটগ্ৰহণৰ সময়সূচী ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে কলকাতা আৰক্ষী আয
निर्वाचन आयाेग (फाइल फाेटाे)


কলকাতা, ১৬ মাৰ্চ (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ঘোষণাৰ পিছতে ৰাজ্যখনৰ প্ৰশাসনিক গাঁথনিত ব্যাপক পৰিৱৰ্তন অব্যাহত ৰাখি নিৰ্বাচন আয়োগে এতিয়া শীৰ্ষ আৰক্ষী শাৰীত পৰিৱৰ্তন সাধন কৰিছে । ভোটগ্ৰহণৰ সময়সূচী ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে কলকাতা আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানক সলনি কৰা হৈছে ।

নিৰ্বাচন আয়োগে কলকাতা আৰক্ষী আয়ুক্ত সুপ্ৰতিম সৰকাৰক পদৰ পৰা অপসাৰণ কৰিছে । ১৯৯৬ বেচৰ আই পি এছ বিষয়া অজয় কুমাৰ নন্দক নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । ১৯৯২ চনৰ আই পি এছ বিষয়া পীয়ুষ পাণ্ডেক ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) বিনীত গোৱালকো পদৰ পৰা অপসাৰণ কৰা হৈছে। ১৯৯৫ বেচৰ আই পি এছ বিষয়া অজয় মুকুন্দ ৰানাডেক নিযুক্তি দিয়া হৈছে। ইফালে, ১৯৯১ চনৰ বেচৰ আই পি এছ বিষয়া নটৰাজন ৰমেশবাবুক সঞ্চালক প্ৰধান (কাৰাগাৰ) হিচাপে নিযুক্তি দিয়া হৈছে ।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সোমবাৰে বিয়লি ৩ বজাৰ ভিতৰত নতুন আৰক্ষী আয়ুক্ত আৰু নতুন ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানে দায়িত্ব গ্ৰহণ কৰিব লাগিব ।

উল্লেখযোগ্য যে, দেওবাৰে দিল্লীৰ পৰা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে স্পষ্টভাৱে উল্লেখ কৰিছিল যে আয়োগৰ প্ৰধান দায়িত্ব আছিল আইন-শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণ, নিকা আৰু হিংসামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰা ।

একে ধাৰাতে ভোটগ্ৰহণৰ সময়সূচী ঘোষণাৰ কিছু ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ মুখ্য সচিব নন্দিনী চক্ৰৱৰ্তী আৰু গৃহ সচিব জগদীশ প্ৰসাদ মীনাকো পদৰ পৰা অপসাৰণ কৰা হয় । তেওঁলোকৰ ঠাইত ক্ৰমে দুষমন্ত নাৰিয়ালা আৰু সংমিত্ৰ ঘোষক নিযুক্তি দিয়া হয় ।

এই পৰিৱৰ্তনৰ ফলত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়তো পৰিৱৰ্তন হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যিটো সোমবাৰে পুৱা নিৰ্বাচন আয়োগে কাৰ্যকৰী কৰিলে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande