
মোৰাদাবাদ, ১৬ মাৰ্চ (হি.স.)। উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ মুণ্ডাপাণ্ডে থানা এলেকাত সোমবাৰে পুৱা দিল্লী-লক্ষ্ণৌ ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন বন্ধু নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী অধীক্ষক কুমাৰ ৰণবিজয় সিঙে জনোৱা মতে, পুৱা ৬ বজাত মানকাৰা টাৰ্ণৰ ওচৰত ৰামপুৰৰ পৰা দিল্লী অভিমুখী এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ইটা ভৰ্তি ট্ৰেক্টৰ-ট্ৰলীত খুন্দা মাৰে। ইমানেই তীব্ৰ প্ৰভাৱ পৰিছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছিল, যাৰ ফলত গাড়ীখনত থকা সকলো লোক আৱদ্ধ হৈ পৰিছিল। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু যথেষ্ট কষ্টৰ অন্তত আৱদ্ধ হৈ থকা বাসিন্দাসকলক উদ্ধাৰ কৰে। সকলোকে চিকিৎসাৰ বাবে মুণ্ডাপাণ্ডেৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে চাৰিজন যুৱকক মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
মহানগৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত মৃত্যু হোৱা যুৱককেইজন হৈছে উত্তৰাখণ্ডৰ নৈনিতালৰ নিবাসী দয়াল সিং ৰাৱট (৫৮), হালডৱানীৰ সুন্দৰ সিং (৩৫), আলমোৰাৰ ভূৱন ভাণ্ডাৰী (৩৮) আৰু হালদ্ৱানীৰ অনিল নেগী। দুৰ্ঘটনাত আহত যশদীপ পাণ্ডে নামৰ গাড়ী চালকজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ট্ৰেক্টৰ ট্ৰলী চালকজনে পলায়ন কৰে। আৰক্ষীয়ে দুয়োখন ক্ষতিগ্ৰস্ত বাহন পথৰ পৰা আঁতৰাই যাতায়ত পুনৰুদ্ধাৰ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
তথ্য অনুসৰি এই পাঁচজন যুৱকে দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু হালদ্বাণীত এখন বিয়াত অংশগ্ৰহণ কৰি দিল্লীলৈ উভতি আহিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া