
বাৰাণসী, ১৬ মাৰ্চ (হি.স.)। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সোমবাৰে গংগা নদীত মাতৃৰ চিতাভষ্ম আনুষ্ঠানিকভাৱে বিসৰ্জন দিয়াৰ অনুষ্ঠান পৰিৱেশন কৰে। জেকলিন ফাৰ্নাণ্ডেজে কয় যে তেওঁ হৃদয় ধৰ্মীয় আৱেগেৰ ভৰা আৰু সেইবাবেই তেওঁ মাকৰ চিতাভষ্ম গংগাত বিসৰ্জন দিছিল। বাৰাণসীত ধৰ্মীয় পৰিবেশ আছে, মোক্ষ প্ৰদান। গংগাৰ পাৰত শান্তি পোৱা যায়।
অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃৰ চিতাভষ্ম আনুষ্ঠানিক বিসৰ্জনৰ অনুষ্ঠান সম্পন্ন কৰে আচাৰ্য বিকাশ পাণ্ডেই। অভিনেত্ৰীগৰাকীয়ে গংগাৰ পৰা নাও লৈ বৈদিক জপেৰে অনুষ্ঠানটো সম্পন্ন কৰে। গংগাৰ পাৰত কিছু সময় থকাৰ পাছত জেকলিনে তাজ হোটেললৈ ৰাওনা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া