ইউৰোপীয় দেশসমূহলৈ ট্ৰাম্পৰ শক্তিশালী বাৰ্তাঃ যদি নাটোৱে হৰমুজ জলদ্বীপ সুৰক্ষিত নকৰে তেন্তে ভয়াৱহ হ’ব ভৱিষ্যত
ৱাশ্বিংটন/টকিঅ’, ১৬ মাৰ্চ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে যদিহে উত্তৰ আটলাণ্টিক সন্ধি সংস্থাৰ দেশসমূহে হৰমুজ জলদ্বীপ সুৰক্ষিত কৰাত সহায় নকৰে তেন্তে তেওঁলোকৰ ভৱিষ্যত ভয়াৱহ হ’ব। এই কৌশলগত জলপথ সন্দৰ্ভত ইউৰোপীয় দেশসমূহলৈ ট্ৰাম্
ড’নাল্ড ট্ৰাম্প


ৱাশ্বিংটন/টকিঅ’, ১৬ মাৰ্চ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে যদিহে উত্তৰ আটলাণ্টিক সন্ধি সংস্থাৰ দেশসমূহে হৰমুজ জলদ্বীপ সুৰক্ষিত কৰাত সহায় নকৰে তেন্তে তেওঁলোকৰ ভৱিষ্যত ভয়াৱহ হ’ব। এই কৌশলগত জলপথ সন্দৰ্ভত ইউৰোপীয় দেশসমূহলৈ ট্ৰাম্পে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱা এক ফোন সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই জলদ্বীপৰ পৰা লাভৱান হোৱাসকলে তাত যাতে কোনো বেয়া কথা নহয় তাৰ বাবে সহায় কৰাটো একেবাৰে সঠিক। তেওঁ লগতে কয় যে যদি কোনো সঁহাৰি নাথাকে তেন্তে মই ভাবো নাটোৰ ভৱিষ্যতৰ বাবে ই অতি শোচনীয় হ’ব।

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনক আমেৰিকাৰ সহায়ৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ইউক্ৰেইনৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ তেওঁলোকৰ প্ৰয়োজন নাছিল। এতিয়া আমি চাম তেওঁলোকে আমাক সহায় কৰে নে নাই । মই বহুদিনৰ পৰা কৈ আহিছো যে আমি তেওঁলোকৰ বাবে সদায় থাকিম। নাটোৰ পৰা কেনেধৰণৰ সহায়ৰ প্ৰয়োজন বুলি সোধাত ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ দিলে, যিটো প্ৰয়োজনীয়। তাৰ ভিতৰত মাইন আঁতৰ কৰা জাহাজো থাকিব পাৰে।

নাটো হৈছে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ প্ৰতিৰক্ষা মিত্ৰজোঁট। শান্তি আৰু স্থিতিশীলতা বৃদ্ধি আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ইয়াৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ উদ্দেশ্য যুদ্ধ আৰম্ভ কৰা কোনো দেশক সহায় কৰা নহয়। এয়াৰ ফৰ্চ ৱানত ফ্ল’ৰিডাৰ পৰা হোৱাইট হাউছলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে পুনৰ কয় যে আমি সদায় নাটোৰ সৈতে থিয় দিছো। তেওঁ লগতে কয় যে ইমান সৰু কামত কোনখন দেশে আমাক সহায় নকৰে সেয়া চাবলৈ আগ্ৰহী হ’ব।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ প্ৰতি পুনৰবাৰ অসন্তুষ্টি প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁৰ অসন্তুষ্টিৰ কাৰণ আছিল যে ষ্টাৰমাৰে ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণক তৎক্ষণাত সমৰ্থন কৰা নাছিল। তেওঁ কয়, ব্ৰিটেইনক হয়তো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে গণ্য কৰা হয়। যেতিয়া মই তেওঁলোকৰ সহায় বিচাৰিছিলো, তেতিয়া তেওঁলোক আগবাঢ়ি নাহিল।

এই বিষয়ত এতিয়াও জাপান নিৰপেক্ষ

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে সোমবাৰে কয় যে জাপানে বৰ্তমান হৰমুজ জলদ্বীপ সুৰক্ষিত কৰাত সহায় কৰিবলৈ জাহাজ প্ৰেৰণ কৰাৰ কোনো পৰিকল্পনা নাই। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মিত্ৰশক্তিৰ পৰা সহায় বিচাৰিছিল। তেওঁ কয় যে ট্ৰাম্পে টকিঅ’লৈ কোনো প্ৰত্যক্ষ অনুৰোধ কৰা নাই। ইয়াৰ পিছতো তেওঁৰ চৰকাৰে যাৱতীয় পদক্ষেপ লোৱাৰ উপায় বিবেচনা কৰি আছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৱাশ্বিংটনত তাকাইচি আৰু ট্ৰাম্পৰ বৈঠকত মিলিত হোৱাৰ কথা।

বৰ্তমান নাটোৰ মুঠ ৩২ খন সদস্য দেশ আছে। এই সামৰিক মিত্ৰজোঁটৰ নতুন সদস্য ছুইডেন। প্ৰতিষ্ঠাপক সদস্য বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, নৰৱে, পৰ্তুগাল, যুক্তৰাজ্য আৰু আমেৰিকা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande