
নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। অপাৰেচন সিন্দুৰৰ মন্তব্যৰ গোচৰত অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধে গোচৰ চলাবলৈ হাৰিয়ানা চৰকাৰে সন্মতি দিয়া নাই। সোমবাৰে এই তথ্য উচ্চতম ন্যায়ালয়ক অৱগত কৰে হাৰিয়ানা চৰকাৰে।
শুনানিৰ সময়ত হাৰিয়ানা চৰকাৰৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল (এ এছ জি) এছ ভি ৰাজুৱে কয় যে তেওঁলোকে অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে গোচৰটো বন্ধ কৰি নম্ৰতা প্ৰদৰ্শন কৰিছে। ইয়াৰ পূৰ্বে ৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে গোচৰ চলাব নে নাই সেই বিষয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে অধ্যাপক মাহমুদাবাদকো দায়বদ্ধ হ’বলৈ পৰামৰ্শ দিয়ে।
২০২৫ চনৰ ২৫ আগষ্টত আদালতে মাহমুদাবাদৰ বিৰুদ্ধে দাখিল কৰা এটা এফআইআৰ বাতিল কৰি দ্বিতীয় এফআইআৰত দাখিল কৰা অভিযোগনামাক বিচাৰ আদালতক অৱগত কৰাত বাধা প্ৰদান কৰে।
২০২৫ চনৰ ২১ মে’ত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ বাবে এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে। ২০২৫ চনৰ ১৯ মে’ত অধ্যাপক খানৰ অধিবক্তা কপিল ছিবালে উল্লেখ কৰিছিল যে মাহমুদাবাদে অপাৰেচন সিন্দুৰক লৈ দেশপ্ৰেমমূলক বক্তব্য দিছিল, কিন্তু গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৫ চনৰ ১৮ মে’ত এই গোচৰত মাহমুদাবাদক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছিল। হাৰিয়ানাত অধ্যাপকগৰাকীৰ বিৰুদ্ধে দুটা পৃথক এফআইআৰ দাখিল কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া