
নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। ডিজিটেল গ্ৰেপ্তাৰৰ গোচৰৰ শুনানি পিছুৱাই দিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত থকা বিচাৰপীঠে শুনানি এসপ্তাহৰ বাবে পিছুৱাই দিয়াৰ নিৰ্দেশ দিয়ে ।
সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে আজি ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিব বুলি উল্লেখ কৰে। ইয়াৰ পিছতে আদালতে শুনানি এসপ্তাহৰ বাবে পিছুৱাই দিয়ে। ২০২৫ চনৰ ১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে ডিজিটেল গ্ৰেপ্তাৰৰ জালিয়াতিৰ বাবে তৎকালীনভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন । এই জালিয়াতিৰ সৈতে জড়িত গোচৰৰ তদন্তৰ নিৰ্দেশ দিয়ে আদালতে। আদালতে উল্লেখ কৰে যে য’তেই চাইবাৰ অপৰাধত ব্যৱহৃত বেংক একাউণ্ট আৱিষ্কাৰ হ’ব, তাতেই চিবিআইয়ে সংশ্লিষ্ট বেংকাৰসকলৰ তদন্তৰ সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব ।
আদালতে ভাৰতীয় ৰিজাৰ্ভ বেংকক এই সিদ্ধান্তত সহায় কৰিবলৈ নিৰ্দেশ দিয়ে যে এআই বা মেচিন লাৰ্নিঙৰ সহায়ত সন্দেহজনক একাউণ্ট চিনাক্ত কৰি ফ্ৰীজ কৰিব পৰা যাব । চিবিআইৰ তদন্তৰ অনুমতি নিদিয়া ৰাজ্যসমূহক ডিজিটেল গ্ৰেপ্তাৰৰ গোচৰৰ তদন্তৰ অনুমতি দিবলৈ নিৰ্দেশ দিয়া হৈছিল ।
শুনানিৰ সময়ত আদালতে নিযুক্তি দিয়া এমিকাছ কুৰিয়ে কয় যে চাইবাৰ অপৰাধ তিনি ধৰণৰ: ডিজিটেল গ্ৰেপ্তাৰ, বিনিয়োগৰ জালিয়াতি, আৰু অংশকালীন চাকৰিৰ আৱৰণত প্ৰৱঞ্চনা । আদালতে লক্ষ্য কৰিছে যে এনে অপৰাধৰ জৰিয়তে ভুক্তভোগীক বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰা হয় । ২০২৫ চনৰ ১৭ অক্টোবৰত ডিজিটেল গ্ৰেপ্তাৰৰ ক্ৰমাৎ বৃদ্ধি পোৱা কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ছুঅ’ মটু কগনিজেন্স লৈ কেন্দ্ৰীয় চৰকাৰ আৰু চিবিআইক জাননী জাৰি কৰে । ডিজিটেল গ্ৰেপ্তাৰ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু ন্যায়াধীশৰ স্বাক্ষৰ জাল কৰাটো ন্যায়িক প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ আঘাত বুলি আদালতে উল্লেখ কৰে ।
উচ্চতম ন্যায়ালয়ে এটা কাণ্ডৰ প্ৰতি ছুঅ’ মোটু জ্ঞান লয়, য’ত আম্বালাৰ এহাল বৃদ্ধ দম্পতীক ডিজিটেলভাৱে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ১ কোটিৰো অধিক ধন আদায় কৰা হয়। বৃদ্ধ দম্পতীয়ে তেতিয়াৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে তেওঁক প্ৰৱঞ্চনাৰ বিষয়ে অৱগত কৰি। আদালতে লক্ষ্য কৰে যে এই গোচৰটো কোনো বিচ্ছিন্ন গোচৰ নহয়, কিয়নো এই বিষয়ত কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ পাইছিল । আদালতে কয় যে ন্যায়িক নথি-পত্ৰ জাল, ধন দাবী, নিৰীহ লোক বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ ডকাইতি আদি অপৰাধমূলক কাৰ্য্য উন্মোচন কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ মাজত সমন্বয়ৰ প্ৰয়োজন ।
বৃদ্ধ দম্পতীহালে পত্ৰখনত উল্লেখ কৰিছে যে ৩ৰ পৰা ১৬ ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ আৰু চোৰাংচোৱাগিৰিৰ ষ্টাম্প থকা জাল আদালতৰ আদেশ দাখিল কৰা হৈছিল। ইয়াৰ পিছত কেইবাটাও বেংক লেনদেনৰ জৰিয়তে ১ কোটিৰো অধিক ধন প্ৰতাৰণা কৰা হয় । বৃদ্ধাগৰাকীৰ মতে, একাংশ ব্যক্তিয়ে অডিঅ’ আৰু ভিডিঅ’ কলৰ জৰিয়তে আদালতৰ নিৰ্দেশ দাখিল কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া