
জয়পুৰ, ১৬ মাৰ্চ (হি.স.)। উটৰ সংখ্যা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে। আদালতে উল্লেখ কৰে যে উটৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰতি চৰকাৰ গুৰুত্বহীন আৰু আদালতৰ নিৰ্দেশৰ পিছতো এডভোকেট জেনেৰেল প্ৰতিনিধিত্বৰ বাবে হাজিৰ হোৱা নাই। উটৰ জনসংখ্যা হ্ৰাস পোৱা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰচেষ্টাক ২৭ মাৰ্চৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে।
ন্যায়াধীশ পুষপেন্দ্ৰ সিং ভাটি আৰু ন্যায়াধীশ বিনীত কুমাৰ মাথুৰৰ এখন বিভাগীয় বিচাৰপীঠে উটৰ সংখ্যা হ্ৰাস পোৱাৰ সন্দৰ্ভত ছুঅ’ মটু আবেদনৰ ভিত্তিত এই আদেশ জাৰি কৰে।
আইনৰ সংশোধনীৰ পিছত উটৰ সংখ্যা হ্ৰাস পোৱাত আদালতে উদ্বেগ প্ৰকাশ কৰে। এমিকাছ কুৰিয়াৰ অধিবক্তা প্ৰতীক কাছলিৱালে উল্লেখ কৰে যে উটৰ হ্ৰাস ক্ৰমাগতভাৱে হৈছে। আদালতৰ নিৰ্দেশৰ পিছতো প্ৰতিনিধিত্বৰ বাবে হাজিৰ হোৱা নাই মহাধিবক্তা বা চৰকাৰেও এই বিষয়ত গুৰুত্ব দিয়া নাই। যোৱা কেইবছৰমানৰ পৰা উটৰ লোকপিয়ল হোৱা নাই। আইনত চৰকাৰে সংগ্ৰাহকক ন’ডেল এজেন্সী কৰি লৈছে, এনে অৱস্থাত কোনোবাই উটবোৰ চৰাবলৈ উলিয়াই দিলেও অনুমতি পোৱাটো টান। ২০০৪ চনত ৰাজ্যখনত ৭.৫ লাখ উট আছিল।
২০১৫ চনত যেতিয়া এই আইন প্ৰণয়ন কৰা হৈছিল, তেতিয়া উটৰ সংখ্যা ৩.২৬ লাখলৈ হ্ৰাস পাইছিল আৰু চাৰি বছৰৰ পাছত আৰু হ্ৰাস পাই ২.১৩ লাখ হৈছে। ইফালে ২০২১ চনত এই সংখ্যা আছিল প্ৰায় ১.৫ লাখ । উটৰ বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ হোৱাৰ বাবে পশু মেলাত ইয়াৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এনে পৰিস্থিতিত উট পালনৰ প্ৰতি আগ্ৰহ কম দেখা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া